/asomiyapratidin/media/media_files/2025/08/21/new-ap-web-1-2025-08-21-15-33-32.jpg)
ডিজিটেল সংবাদ ধেমাজিঃ ৰাজ্য কপাই যোৱা ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ আজি ৰায়দান প্ৰদান কৰিলে ধেমাজি জিলা সত্ৰ আৰু ন্যায়াধীশকৰ আদালতে। চাৰি বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি এই হত্যাকাণ্ডৰে জড়িত ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে ন্যায়ালয়ে।
উল্লেখ্য যে, ৪ বছৰ পূৰ্বে আজিৰ দিনটোতে অৰ্থাৎ ২১ আগষ্টৰ দিনটোতে মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক ৰাজপথতে দাৰে আঘাত কৰি হত্যা কৰিছিল মহাবিদ্যালয়খনৰে সহকাৰী লাইব্ৰেৰীয়ান ৰিণ্টু শৰ্মাই। নন্দিতা শইকীয়াক আক্ৰমণ কৰাৰ সময়ত তেওঁক ৰক্ষা কৰিবলৈ যোৱা বান্ধৱী কাশ্মীনা দত্ত আৰু কাশ্মীনাৰ পিতৃ দেৱ দত্তও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।
এই ঘটনাৰ পিছতে আৰক্ষীয়ে ৰিণ্টুক গ্ৰেপ্তাৰ কৰিছিলি। এই গোচৰৰ তদন্ত কৰি আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত ৪০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল। সুদীৰ্ঘ চাৰি বছৰৰ বিচাৰৰ অন্তত ধেমাজি আৰক্ষী থানাত ৰুজু হোৱা ৩৯৭/২০২১ নং গোচৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২, ৩২৬, ৩০৭ আৰু ৩০২ নং ধাৰাত দোষী সাব্যস্ত হয় ৰিণ্টু শৰ্মা। এই গোচৰত সাক্ষাদান কৰে মুঠ ৪১ জন সাক্ষীয়ে।