/asomiyapratidin/media/media_files/2025/08/21/ajay-21-2025-08-21-20-35-45.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: অপৰাধ গম্ভীৰ হলে শাস্তিও গম্ভীৰ হ’ব লাগে। কাৰ্যতঃ এই পংক্তিক প্ৰধান উপজীব্য কৰি বিগত প্ৰায় ৪ বছৰ কাল ধৰি আইনী যুঁজত অৱতীৰ্ণ হৈছিল ধেমাজিৰ এগৰাকী জ্যেষ্ঠ অধিবক্তা। আজিৰ দিনটোত ৰাজ্যজুৰি চৰ্চিত আৰু উচ্চ প্ৰসংক্ষিত এই অধিবক্তাগৰাকী ধেমাজি সত্ৰ ন্যায়াধীশ আদালতৰ জ্যেষ্ঠ অভিজ্ঞ অধিবক্তা অজয় ফুক্লা।
প্ৰচুৰ অধ্যয়নশীল প্ৰত্যুৎপন্নমতি অধিবক্তা ফুক্লাই ৰাজ্য কঁপাই যোৱা নন্দিতা শইকীয়া হত্যাকাণ্ডৰ আইনী যুঁজখনৰ সন্মুখৰ পৰা নেতৃত্ব দি অৱশেষত হত্যাৰ বলি হোৱা নন্দিতা শইকীয়াক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হৈছে। ২০২১ চনৰ ২১ আগষ্টৰ বিয়লি সংঘটিত উক্ত দানৱীয় হত্যাকাণ্ডৰ গোচৰীয়া পক্ষ, প্ৰত্যক্ষদৰ্শী আৰু ভুক্তভোগী দেব দত্তৰহৈ ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতত বিগত প্ৰায় ৪টা বছৰে নিৰন্তৰ যুঁজিছিল।
‘’ঢকুৱাখনা নগৰৰ নব কাঠৰবাৰী গাঁৱৰ বিনয়ী, প্ৰচুৰ সম্ভাৱনাময়ী মেধাবী ছাত্ৰী নন্দিতাৰ মৃত্যু এক স্বাভাৱিক মৃত্যু নাছিল, নাছিল ৰোগত আক্ৰান্ত হৈ হোৱা মৃত্যু। ই এক হত্যাকাণ্ড আছিল আৰু তিনিজন ব্যক্তিক একেলগে হত্যাৰ এক পূৰ্ব পৰিকল্পিত পৰিকল্পনা অপৰাধীৰ আছিল" বুলি আদালতত যুক্তি প্ৰমাণ সহ প্ৰতিষ্ঠা কৰি জ্যেষ্ঠ অধিবক্তা ফুক্লাই ধেমাজি জিলা সত্ৰ ন্যায়াধীক্ষৰ আদালতত প্ৰদৰ্শন কৰিছিল সবল, বস্তুনিষ্ঠ যুক্তি আৰক্ষীৰ অভিযোগনামাৰ সূক্ষ্ম বিশ্লেষণ।
ধেমাজি সত্ৰ ন্যায়াধীশ আদালতত নন্দিতাৰ লগতে সহপাঠী কাশ্মীনা আৰু পিতৃ দেৱ দত্তৰ প্ৰাণনাশী আক্ৰমণৰ প্ৰত্যক্ষদৰ্শী ৪১ গৰাকীৰ ভাষ্য গ্ৰহণৰ লগতে আনুসঙ্গিক প্ৰামানিক তথ্য প্ৰমাণক ভিত্তি কৰি অৱতীৰ্ণ হোৱা শক্তিশালী আইনী যুঁজৰ জৰিয়তে মৃতকৰ দুৰ্ভগীয়া পৰিয়ালক অৱশেষত ন্যায় প্ৰাপ্তিৰ পথ বৃহস্পতিবাৰে প্ৰশস্ত কৰিলে। "নন্দিতাৰ মৃত্যু মৰিধল মহাবিদ্যালয় পৰিয়াল কিম্বা নন্দিতাৰ পৰিয়াল, আত্মীয় স্বজনৰ ক্ষতি নহয়, ই এক সামাজিক ক্ষতি" বুলি সবল যুক্তি উত্থাপন কৰি অভিজ্ঞ অধিবক্তা ফুক্লাই পন বান্ধি লৈছিল যিহেতু "অপৰাধ গম্ভীৰ হলে অপৰাধীয়ে শাস্তিও গম্ভীৰেই পাব লাগিব।"
৪৮ মাহৰ অন্তত ধেমাজি আদালতৰ ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২ৰ অধীনত নিষ্ঠুৰ ঘাটকক মৃত্যুদণ্ডৰ ৰায় দিয়াবলৈ সক্ষম হল।
ধেমাজিৰ ন্যায়িক ইতিহাসত দ্বিতীয়জন মৃত্যু দণ্ডৰে দণ্ডিত আচামী
ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ দ্বিতীয়গৰাকী মৃত্যুদণ্ডৰে দণ্ডিত অভিযুক্ত হ’ল নন্দিতা হত্যাকাণ্ডৰ হত্যাকাৰী ৰিন্টু শৰ্মা। মৰিধল ২ আলি গাঁৱৰ নিবাসী ঘাটক শৰ্মাৰ বহুপূৰ্বে এই আদালতে গোগামুখৰ জিতু পেগুক দুটা কিশোৰ হত্যাৰ অভিযোগত এনে চৰম শাস্তি বিহিছিল।
ইতিপূৰ্বে স্বাধীনতাৰ পূৰ্বৰ পৰা বৰ্তমান পৰ্যন্ত এনে চৰম দণ্ডৰে ৰাজ্যখনৰ মুঠ ৬ গৰাকী অপৰাধীক দণ্ডিত কৰি এই নিৰ্দেশনা কাৰ্যকৰী কৰা হৈছে। ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ মহামান্য ন্যায়াধীশ কল্যানজিৎ শইকীয়াৰ আদালতে শেহতীয়া ভাবে ঘাটক ৰিন্টু শৰ্মাক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ উপৰিও ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৭ ধাৰাৰ অধীনত ১০ বছৰ, ৩২৬ ধাৰাৰ অধীনত ৩ বছৰ আৰু ৩৪১ ধাৰাৰ অধীনত ১ মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰে।
উল্লেখ্য যে ২০২১ চনৰ ২১,আগষ্টত ধেমাজি জিলা সদৰৰ চৰকাৰী বাছ আস্থানৰ সন্মুখত ৰিন্টু শৰ্মাৰ দ্বাৰা সংঘটিত জঘন্য পাশবিক আক্ৰমণত অকাল মৃত্যুক সাৱটি লৈছিল ঢকুৱাখনাৰ সম্ভাৱনা পূৰ্ণ মেধাবী ছাত্ৰী নন্দিতা শইকীয়াই। শৰ্মাৰ পৰিকল্পিত আক্ৰমণত গুৰুতৰ ভাবে জখম হৈছিল নন্দিতাৰ সহপাঠী কাশ্মীনা দত্ত আৰু পিতৃ দেৱ দত্ত।
বহু দীঘলীয়া চিকিৎসাৰ অন্তত কাশ্মীনা আৰু দেৱ দত্ত সুস্থ হৈছিল যদিও নন্দিতাই ২৫ আগষ্টত নিয়তিৰ ওচৰত হাৰ মানিছিল। ৰাজ্য কপোৱা এই পাশবিক হত্যাকাণ্ডৰ সন্দৰ্ভত দেৱ দত্তই ধেমাজি সদৰ থানাত ৰুজু কৰা গোচৰৰ বিপৰীতে সুদীর্ঘ ৪টা বছৰ গোচৰ চলাৰ পাছত বৃহস্পতিবাৰে ন্যায় প্ৰাপ্তিৰ পথ প্ৰশস্ত হ’ল।
ধেমাজি সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২, ৩২৬, ৩০৭ আৰু ৩০২ ধাৰাত পঞ্জীভূত ৩৯৭/২০২১ নম্বৰ গোচৰৰ তদন্তকাৰী আৰক্ষী বিষয়া তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া তথা পৰিদৰ্শক হিতেশ কুমাৰ শৰ্মা, সহকাৰী বিষয়া তথা উপ-পৰিদর্শক নেকিবুদ্দিন আহমেদৰ নিখুঁত অভিযোগনামায়ো এই ঐতিহাসিক ৰায় প্ৰদানত অতুল্য অৱদান আগবঢ়াই গৈছে।
দুগৰাকী তদন্তকাৰী বিষয়া আৰু অধিবক্তা (পি পি)ৰ সন্মিলিত প্ৰয়াসৰ বাবেই এক দৃষ্টান্তমূলক দণ্ডৰে দণ্ডিত হ’ল নৰহত্যাকাৰী ৰিন্টু শৰ্মা। ঢকুৱাখনাৰ লগতে ৰাজ্যবাসী প্ৰতিগৰাকী ন্যায় প্ৰত্যাশিয়ে এই তিনি আইনী যোদ্ধাক একেমুখে প্ৰশংসা কৰিছে।