/asomiyapratidin/media/media_files/2025/11/15/fddffd-2025-11-15-13-50-47.jpg)
ডিজিটেল ডেস্কঃ আজিৰ নন্দিনীৰ দ্বিতীয় দিন। শিল্প, বাণিজ্য, খাদ্য আৰু সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰেৰে যোৱা ১৪নৱেম্বৰ, ২০২৫ৰ পৰা আৰম্ভ হৈছে প্ৰতিদিন ইভেন্টছ আৰু ষ্টয়িক ষ্টুডিঅ'ৰ উদ্যোগত অনুষ্ঠিত হোৱা ব্যতিক্ৰমী বাণিজ্যিক অনুষ্ঠান নন্দিনী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/c1298b23-7725-43d5-86dd-fe7bc4a25636-2025-11-15-13-41-48.jpeg)
প্ৰথম দিনাৰ দৰেই দ্বিতীয় দিনতো পুৱাৰে পৰাই সমাগম হৈছে বহুলোকৰ। দ্বিতীয় দিনটোত পুৱাৰ ভাগতে আহি উপস্থিত হয়হি প্ৰতিদিন টাইমৰ সঞ্চালিকা তথা অনুষ্ঠানটোৰ উদ্যোক্তা স্মিতাক্ষী বি গোস্বামী। নন্দিনীত বিপনী খোলা বহুকেইগৰাকী উদ্যোগী মহিলাৰ সৈতে মত-বিনিময়ো কৰে গোস্বামীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/5f549656-81ef-42d8-8d80-dbdf1b63a85a-2025-11-15-13-41-48.jpeg)
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতিবাৰৰ দৰে এইবাৰৰ নন্দিনীতো অসমৰ থলুৱা উদ্যোগী মহিলাসকলক বিশেষভাৱে প্ৰাধান্য প্ৰদান কৰাৰ লগতে থলুৱা উতপাদনসমূহক অধিক অগ্ৰাধিকাৰ দিয়া হ'ব। ১৪নৱেম্বৰ, ২০২৫ৰ পৰা ১৬নৱেম্বৰ, ২০২৫লৈ অনুষ্ঠিত হ'ব এই মেলা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/20795bfd-925b-4078-9d85-b508bd62f6db-2025-11-15-13-41-48.jpeg)
বাণিজ্য মেলাৰ উপৰিও নন্দিনীত শিশুসকলৰ বাবেচিত্ৰাংকন প্ৰতিযোগিতা, সকলোৰে বাবে হস্তশিল্পৰ কৰ্মাশালা অনুষ্ঠিত হ’ব। তাৰোপৰি প্ৰতিদিনাই সন্ধিয়া ৫ বজাৰ পৰা আছে সাংস্কৃতিক অনুষ্ঠান। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাজনো শিল্পীৰ লগতে বেণ্ডে সংগীত পৰিবেশন কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us