ডিব্ৰুগড়ৰ মাধুৰিমা গগৈৰ ওচৰত পাব চীন, আমেৰিকাত খোৱা PINK TEA...

ভিন্ন তৰহৰ চাহ আপুনিও ছাগে খাইছে। কিন্তু ড্ৰেগন ফলৰ সৈতে চাহপাত সংমিশ্ৰণ কৰি প্ৰস্তুত কৰা চাহ আপুনি বাৰু খাইছেনে? এই চাহৰ ৰঙো অতিকৈ আকৰ্ষণীয় হয়। গুলপীয়া ৰঙৰ এই চাহ চীন, আমেৰিকা, ইংলেণ্ডৰ দৰে

New Update
yhhhhlll

ডিজিটেল ডেস্কঃ ভিন্ন তৰহৰ চাহ আপুনিও ছাগে খাইছে। কিন্তু ড্ৰেগন ফলৰ সৈতে চাহপাত সংমিশ্ৰণ কৰি প্ৰস্তুত কৰা চাহ আপুনি বাৰু খাইছেনে? এই চাহৰ ৰঙো অতিকৈ আকৰ্ষণীয় হয়। গুলপীয়া ৰঙৰ এই চাহ চীন, আমেৰিকা, ইংলেণ্ডৰ দৰে দেশত যথেষ্ট সমাদৰ লাভ কৰাৰ মাজতে অসমত এই বিধি নতুন চাহপাত প্ৰস্তুত কৰিছে ডিব্ৰুগড়ৰ এগৰাকী উদ্যমী মহিলাই।

e96f07e5-1e5d-4770-b918-38298569b24f

ডিব্ৰুগড়ৰ মাধুৰিমা গগৈ নামৰ মহিলাগৰাকীয়ে ড্ৰেগন ফলৰ সৈতে চাহপাতৰ সংমিশ্ৰণ ঘটাই প্ৰস্তুত কৰি এবিধ নতুন চাহপাত। নাম দিছে- অৰ্গেনিক পিঙ্ক টি।  ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত তেওঁৰ চাহে যথেষ্ট সমাদৰ লাভ কৰা বুলি আমাক জনায়।

f6d752e5-a904-4daa-bbba-168521bbc2d6

২০১১চনত তেওঁলোকে আৰম্ভ কৰিছিল জৈৱিক থলুৱা চাহৰ প্ৰবাহিনী নামেৰে এই অনুষ্ঠানটো। ২০১২চনৰ পৰা ব্যৱসায়ভিত্তিক পেকেটিঙৰ কাম আৰম্ভ কৰে। চৰকাৰী আৰু বেচৰকাৰী ভিন্ন সংস্থাৰ সহযোগিতাত চলাই থকা এই প্ৰবাহিনীত প্ৰায় ১০গৰাকী লোকে সংস্থাপন লাভ কৰাৰ কথাও আমাক সদৰি কৰিলে মাধুৰিমা গগৈয়ে।

ca14c7e0-cb14-4b3c-af6c-a12afd45b615

উল্লেখনীয় কথাটো হৈছে যে, তেওঁলোকে নিজেই নিজৰ চাহ বাগানৰ পৰা সংগ্ৰহ কৰা চাহপাতেৰে প্ৰস্তুত কৰে এই জৈৱিক চাহ সমূহ। ইয়াৰ বাবে তেওঁলোকে ৫বিঘা চাহৰ খেতি কৰিছে। তাৰ পৰা যি চাহপাত উতপাদন হয় সেই সকলোখিনি কোনো কেমিকেল ব্যৱহাৰ নকৰাকৈ প্ৰস্তুত কৰে চাহ।

গ্ৰীণ টিৰ পৰা আদি কৰি বহুকেইবিধ চাহ তেওঁলোকে জৈৱিক ভাৱে প্ৰস্তুত কৰে। মাধুৰিমা গগৈৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাতকাৰত তেওঁ কয় যে, প্ৰথমে তেওঁৰ স্বামীয়ে চাহৰ বাগানত মেনেজাৰৰ চাকৰি কৰিছিল। তেতিয়াই তেওঁলোকে লক্ষ্য কৰিলে যে অসমৰ ভাল চাহ সমূহে অসমৰ মানুহেই খাবলৈ নাপায়। গতিকে তেওঁলোকে এই থলুৱা চাহৰ উতকৃষ্ট মানদণ্ডৰ চাহ প্ৰস্তুতকৰণৰ কাম হাতত ল'লে।

04c5252d-9a28-4d86-801b-545032267668

তেওঁলোকৰ প্ৰতিষ্ঠানটোৱে ইতিমধ্যে নানান চৰকাৰী সংস্থাৰ স্বীকৃতি লাভ কৰিছে। তাৰ ভিতৰত তেওঁলোকে ভাৰত চৰকাৰ পি জি এছৰ স্বীকৃতিও লাভ কৰিছে। মাধুৰিমা গগৈয়ে নন্দিনীত বিপনীত ৰাইজৰ সহাঁৰি পোৱা বুলিও ব্যক্ত কৰে। তেওঁ লগতে কয় যে, আমাৰ দৰে মহিলাসকল আগবাঢ়ি যাবলৈ এনে এখন মঞ্চৰ খুবেই প্ৰয়োজন। 

নন্দিনী