সংস্কৃতি, শিল্প, বাণিজ্যৰ অপূৰ্ব সমাহাৰঃ অন্ত পৰিল ২০২৫বৰ্ষৰ 'নন্দিনী'...

সামৰণি পৰিল ২০২৫বৰ্ষৰ নন্দিনী। উত্তৰ-পূৰ্বৰ অৰ্ধশতাধিক উদ্যমীৰ অংশগ্ৰহণ আৰু লক্ষাধিক ৰাইজৰ সহযোগিতাৰে সফল সামৰণি পৰিল সংস্কৃতি, শিল্প, বাণিজ্যৰ বৰ্ণাঢ্য সমহাৰেৰে অনুষ্ঠিত হোৱা নন্দিনী শীৰ্ষক বাণিজ্যিক অনুষ্ঠান।

New Update
nandddi

ডিজিটেল ডেস্কঃ সামৰণি পৰিল ২০২৫বৰ্ষৰ নন্দিনী। উত্তৰ-পূৰ্বৰ অৰ্ধশতাধিক উদ্যমীৰ অংশগ্ৰহণ আৰু লক্ষাধিক ৰাইজৰ সহযোগিতাৰে সফল সামৰণি পৰিল সংস্কৃতি, শিল্প, বাণিজ্যৰ বৰ্ণাঢ্য সমাহাৰেৰে অনুষ্ঠিত হোৱা নন্দিনী শীৰ্ষক বাণিজ্যিক অনুষ্ঠান। 

c488508e-18e5-478f-9311-28fbc8bd2cf6

২০২৩বৰ্ষৰ পৰা প্ৰতিবছৰে আয়োজিত হোৱা নন্দিনীত এইবছৰো সমাগম ঘটিল থলুৱা সামগ্ৰীৰে বিশ্বজয়ৰ সপোন পুঁহি ৰখা অৰ্ধশতাধিক উদ্যমী মহিলাৰ। নিজে কিবা এটা কৰাৰ মানসিকতাৰে থলুৱা সম্পদ বোৰকেই আটক ধুনীয়াকৈ সজাই বজাৰত মুকলি কৰি দিছে এই মহিলাসকলে।

65d53b81-a3c9-42dc-87bd-45e6c78312e3

কাৰোবাৰ বিপনীত যদি কাপোৰ আৰু কাগজৰ পৰা তৈয়াৰ কৰা কাণফুলি- চেইন, তাৰ বিপৰীতে কাৰোবাৰ বিপনীত দেখা গ'ল জৈৱিক পদ্ধতিৰে থলুৱা ঔষধি উদ্ভিদসমূহৰ সমাহাৰেৰে প্ৰস্তুত কৰা চেনিটাইজ্যাৰ, ক্ৰীম আদি। ড্ৰেগন ফল আৰু চাহ পাত একেলগ কৰি বিদেশত সমাদৃত হোৱা গুলপীয়া চাহৰ বিচাৰিও নন্দিনীলৈ আহিছিল বহু গ্ৰাহক।

7a987ce8-13f9-4079-9ebb-bf3ac109c724

নেডফিৰ উদ্যোগত অসমৰ জাতীয় সাজ-পোছাকৰ পৰা আদি কৰি দৈনন্দিন ভিন্ন সামগ্ৰীৰ সমাহাৰেৰে প্ৰায় ৬খনকৈ বিপনী বহিছিল এইবাৰৰ নন্দিনীত। তাঁতশালত বোৱা কাপোৰৰ লগতে জনজাতীয় সাজ-পাৰৰ সম্ভাৰ হৈ বহিছিল বহুকেইগৰাকী মহিলা। 

4a146f67-cd81-4b30-bfb5-7495465ddaef

নিজে অকাঁ সুন্দৰ সুন্দৰ পেইন্টিঙো বিক্ৰী কৰিবলৈ আনিছিল বহুজনে। বহুকেইগৰাকী মহিলাই ভিন্ন সোৱাঁদৰ সুস্বাদু কেক তৈয়াৰ কৰি আনিছলি নন্দিনীৰ বাকৰিলৈ। মুঠৰ ওপৰত থলুৱা সা-সামগ্ৰীৰ এখন সম্পূৰ্ণ বজাৰলৈ ৰূপান্তৰ হ'ল ২০২৫বৰ্ষৰ নন্দিনী। 

dce972c3-506a-4ad0-bf5a-2b8eb83b181b

নানান তৰহৰ ফুলৰ লগতে ঘৰতে প্ৰস্তুত কৰা ধূপৰ বিপনীও দেখা গ'ল এইবাৰৰ নন্দিনীত। ঠাইতে ছবি আঁকি কেনেকৈ বেণ্ডিং কৰি গ্ৰাহকৰ বাবে এৰিব পাৰি তাৰো আভাস দিবলৈ আহিল বহুজন। পেলনীয়া সামগ্ৰীৰ পৰা কিদৰে ধুনীয়া ধুনীয়া সামগ্ৰী তৈয়াৰ কৰিব পাৰি তাৰো আভাস পালে এইবাৰ নন্দিনীলৈ অহা ৰাইজে।

03e07fc0-fbba-42bc-bda4-76819e60b1c1

নন্দিনীক অধিক মনোগ্ৰাহী কৰি তোলে সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠানে। বৰগীতৰ পৰা পাৰ্বতীপ্ৰসাদৰ লৈকে, সুধাকন্ঠৰ পৰা জুবিন গাৰ্গৰ গীতৰ লৈকে কি নাছিল এইবাৰৰ নন্দিনীত। এইবাৰৰ প্ৰথমদিনাৰ সাংস্কৃতিক সন্ধিয়াতো উছৰ্গা কৰা হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত। পাশ্চাত্য সংগীতেও এইবাৰৰ নন্দিনীক যেন পৃথক আৰু অনন্য কৰি তুলিছিল।

1a346e85-e8e9-4229-ad75-d991281a7ea0

চিত্ৰাংকন প্ৰতিযোগিতাতো ভাগ ল'লে শতাধিক শিক্ষাৰ্থীয়ে। গছৰ তলত বহি মগন হৈ আঁকিলে ছবি। মুঠৰ ওপৰত এইবাৰৰ নন্দিনী পূৰ্বতকৈ যেন অধিক উজ্জ্বল হৈ উঠিল।  প্ৰতিদিন ইভেন্টছ আৰু ষ্টয়িক ষ্টুডিঅ'ৰ উদ্যোগত অনুষ্ঠিত হোৱা ব্যতিক্ৰমী বাণিজ্যিক অনুষ্ঠানটিলৈ ভিন্ন ক্ষেত্ৰৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে আহিও উৎসাহ প্ৰদান কৰিলে। 

36a05f5f-1f9f-42a6-84f0-d5d7eda4d627

এনেকৈয়ে সফল সামৰণি পৰিল নন্দিনী। এটা অনুষ্ঠানৰ সফলতাৰ আঁৰত বহুজনৰ কষ্ট জড়িত হৈ থাকে। সেই সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলে প্ৰতিদিন টাইমৰ সঞ্চালিকা তথা অনুষ্ঠানটোৰ উদ্যোক্তা স্মিতাক্ষী বি গোস্বামীয়ে। অসমৰ থলুৱা উদ্যোগক আগুৱাই নি উদ্যমী মহিলাসকলৰ বাবে এখন মঞ্চ তৈয়াৰ কৰি দিয়াৰ বাবে আগন্তুক সময়তো নন্দিনীৰ এনে প্ৰচেষ্টা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিলে স্মিতাক্ষী বি গোস্বামীয়ে। 

নন্দিনী