/asomiyapratidin/media/media_files/2025/11/16/rffrf-2025-11-16-14-17-55.jpg)
ডিজিটেল ডেস্কঃ নন্দিনীৰ আজি তৃতীয় তথা অন্তিম দিন। পুৱাৰ ভাগতে নন্দিনীৰ বাকৰিত অনুষ্ঠিত হয় এখনি চিত্ৰাংকন প্ৰতিযোগিতা। তিনিটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত প্ৰায় শতাধিক শিক্ষাৰ্থীয়ে অংশ লয়। এই চিত্ৰাংকন প্ৰতিযোগিতাখনি উদ্বোধন কৰে বিশিষ্ট চিত্ৰশিল্পী ৰবীন ব'ৰে।
প্ৰতিযোগিতাতখনিত শতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণত সন্তুষ্টি ব্যক্ত কৰি সকলো প্ৰতিযোগী আৰু অভিভাৱক ধন্যবাদ কৰে নন্দিনীৰ অন্যতম উদ্যোক্তা তথা প্ৰতিদিন টাইমৰ সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীয়ে। নন্দিনীয়ে সদায়েই এনেদৰেই শিশুসকলৰ প্ৰতিভাক আগুৱাই নিয়াৰ বাবে কাম কৰি যাব বুলি কয় গোস্বামীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/16/e2f6c5c0-9f76-4ea4-8f7d-fbe1fb74f50f-2025-11-16-14-29-22.jpeg)
তিনিটা শাখা এই প্ৰতিযোগিতাত ক শাখাত প্ৰথম স্থান লাভ কৰে বিকিৰাজ কাশ্যপে। দ্বিতীয় স্থান লাভ কৰে নৱৰাজ কাশ্যপে আৰু তৃতীয় লাভ কৰে হৰ্ষৱালী পেগুয়ে।
আনফালে খ শাখাত প্ৰথম স্থান লাভ কৰে কৰিস্মিতা কলিতাই। দ্বিতীয় স্থান লাভ কৰে নিৰজুমণি বৰুৱাই আৰু তৃতীয় স্থান লাভ কৰে দেৱাশ্ৰী দত্ত বৰকাকতীয়ে।
গ শাখাত প্ৰথম স্থান লাভ কৰে এনী কাশ্যপে প্ৰথম, জুনেইদ আয়ুবে দ্বিতীয় স্থান আৰু হিয়াংশু কাশ্যপে তৃতীয় স্থান লাভ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/16/883b2487-7e62-4ac5-97a4-acddc6a87860-2025-11-16-14-29-22.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us