বাহৰেইনৰ আইৰনমেনত মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্বৰ সাফল্য...

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ সফলতা। ক্ৰীড়াক্ষেত্ৰত এই সফলতা লাভ কৰিছে নন্দিলে। বাহৰেইনত আয়োজিত আইৰনমেনৰ প্ৰতিযোগিতাত এই সফলতা লাভ কৰিছে তেওঁ। উল্লেখ কৰা প্ৰয়োজন যে, এই প্ৰতিযোগিতাত এগৰাকী প্ৰতিযোগীয়ে

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ সফলতা। ক্ৰীড়াক্ষেত্ৰত এই সফলতা লাভ কৰিছে নন্দিলে। বাহৰেইনত আয়োজিত আইৰনমেনৰ প্ৰতিযোগিতাত এই সফলতা লাভ কৰিছে তেওঁ। উল্লেখ কৰা প্ৰয়োজন যে, এই প্ৰতিযোগিতাত এগৰাকী প্ৰতিযোগীয়ে একেলগে দৌৰ, সাতুৰ, চাইকেলিং একেলগে কৰিব লাগে। 

596194230_1433457141477315_2551834643923874478_n

এই বিশেষ ক্ৰীড়াবিধত নন্দিলে বাহৰেইনত আইৰনমেন ৭০.৩ সম্পূৰ্ণ কৰে৷  ১.৯ কিলোমিটাৰ সাঁতোৰ, ৯০ কিলোমিটাৰ চাইকেল আৰু ২১.১ কিলোমিটাৰ দৌৰ এই সকলোখিনি সফলতাৰে সমাপ্ত কৰে নন্দিলে। পুত্ৰৰ এই সফলতাৰ সন্দৰ্ভত সামাজিক মাধ্যমত- এগৰাকী গৌৰৱী পিতৃৰ অনুভৱেৰে...- শীৰ্ষক এক পোষ্ট লিখি ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

596598897_1433457174810645_3678910672340014880_n

মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে এনেদৰে- 

এগৰাকী গৌৰৱী পিতৃৰ অনুভৱেৰে...
ডিচেম্বৰ, শুকুৰবাৰে পুত্ৰ নন্দিলে বাহৰেইনত আইৰনমেন ৭০.৩ সম্পূৰ্ণ কৰে৷ এক কষ্টকৰ ১.৯ কিলোমিটাৰ সাঁতোৰ, ৯০ কিলোমিটাৰ চাইকেল আৰু ২১.১ কিলোমিটাৰ দৌৰ-- এই সকলোখিনি একেটা উদ্যমেৰে সফলতাৰে সমাপ্ত কৰে। মাত্ৰ ৩-৪ মাহৰ প্ৰস্তুতিৰে এইখিনি তেওঁ ৬ ঘণ্টা ৪৮ মিনিটত সম্পূৰ্ণ কৰিছিল।
নন্দিলৰ এতিয়া পৰৱৰ্তী লক্ষ্য সম্পূৰ্ণ আইৰনমেনৰ ওপৰত, য'ত অতিক্ৰম কৰিব লাগিব ৩.৮ কিলোমিটাৰ সাঁতোৰ, ১৮০ কিলোমিটাৰ চাইকেল আৰু ৪২.২ কিলোমিটাৰ দৌৰ৷ অহা মে' মাহত বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পূৰ্বেই এই জয় কৰাৰ আশা কৰিছে। সীমাৰ পৰিধি ভেদ কৰি আগুৱাই যাবলৈ ঈশ্বৰে এনেকৈয়ে সদায় শক্তি, আনন্দ আৰু সাহস প্ৰদান কৰক তাকেই প্ৰাৰ্থনা কৰিলোঁ।

594991188_1433457254810637_7699183121529916971_n

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ড০ হিমন্ত বিশ্ব শৰ্মা ড হিমন্ত বিশ্ব শৰ্মা