/asomiyapratidin/media/media_files/2026/03/07/ap-web-cancer-2026-03-07-21-36-50.jpg)
ডিজিটেল ডেস্ক : মুম্বাইৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান নানাবতী মেক্স চুপাৰ স্পেচিয়ালিটি হাস্পতালে শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গুৱাহাটীত মাল্টি-স্পেচিয়ালিটি 'অনক’লজী' আৰু 'মাল্টি-অৰগান ট্ৰান্সপ্লাণ্ট' অ’পিডি সেৱা শুভাৰম্ভ কৰে। এই সেৱা মহানগৰীৰ 'মেডিচিটি' হাস্পতালত উপলব্ধ হ’ব বুলি সদৰী কৰে।
আজিৰ এই অনুষ্ঠানত নানাবতী মেক্স ইনষ্টিটিউট অৱ কেন্সাৰ কেয়াৰৰ মুৰব্বী তথা বিশিষ্ট চিকিৎসকসকল উপস্থিত থাকে। তেওঁলোক ক্ৰমে- ডা০ হেমন্ত টংগাওকাৰ, ডা০ দেৱেন্দ্ৰ চৌকাৰ।
উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ তথ্য অনুসৰি, দেশত কেন্সাৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । একেদৰে অংগ বিফল হোৱা হাজাৰ হাজাৰ ৰোগী উপযুক্ত চিকিৎসাৰ বাবে আজি অতদিনে এই সেৱাৰ পৰা কেতবোৰ কাৰণত বঞ্চিত হৈ আছে।
উত্তৰ-পূবৰ ৰোগীসকলে উন্নত চিকিৎসাৰ বাবে প্ৰায়ে মুম্বাই বা দিল্লীৰ দৰে মহানগৰীলৈ যাব লগা হয়। এতিয়াৰে পৰা গুৱাহাটীতে প্ৰাৰম্ভিক পৰীক্ষা আৰু বিশেষজ্ঞৰ পৰামৰ্শ লাভ কৰিলে ৰোগীৰ সময় আৰু ধন দুয়োটাই ৰাহি হ’ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে ।
এই সেৱা হাস্পতালখনত প্ৰতি মাহৰ প্ৰথম শনিবাৰে দুপৰীয়া ১-০০ বজাৰ পৰা বিয়লি ৪-০০ বজলৈকে উপলব্ধ হ’ব । এই সম্পৰ্কত ডা০ হেমন্ত টংগাওকাৰে কয় যে, ধঁপাত সেৱন আৰু ত্ৰুটীপূৰ্ণ খাদ্যভ্যাসৰ বাবে কেন্সাৰৰ প্ৰকোপ বৃদ্ধি পাইছে । আনহাতে, ডা০ দেৱেন্দ্ৰ চৌকাৰে উল্লেখ কৰে যে, প্ৰথম বা দ্বিতীয় স্তৰত কেন্সাৰ ধৰা পৰিলে আৰোগ্য হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে।
প্ৰণিধানযোগ্য যে, নানাবতী মেক্স হাস্পতাল হৈছে ১৯৫০ চনত মহাত্মা গান্ধীৰ আশীৰ্বাদ আৰু জৱাহৰলাল নেহৰুৰ দ্বাৰা উদ্বোধন হোৱা এখন হাস্পতাল । হাস্পতালখনে বিগত ৭২ বছৰ ধৰি দেশৰ স্বাস্থ্য খণ্ডত সেৱা আগবঢ়াই আহিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us