বি ভি এফ চি এলৰ CISF ইউনিটৰ একাংশ জোৱানৰ উৎপাতত নিৰাপত্তাহীনতাত স্থানীয় মহিলা-যুৱতী...

নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাটিলাইজাৰ কৰ্পোৰেচন লিমিটডৰ অধীনত  নিৰাপত্তাৰ বাবে নিযুক্ত কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তা ৰক্ষীৰ (cisf) একাংশ লম্পট  জোৱানৰ   উৎপাতত নিশা জীয়ৰী বোৱাৰী সকল বাহিৰলৈ

author-image
Asomiya Pratidin
New Update
namry

ডিজিটেল সংবাদ, নামৰূপঃ  নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাটিলাইজাৰ কৰ্পোৰেচন লিমিটডৰ অধীনত  নিৰাপত্তাৰ বাবে নিযুক্ত কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তা ৰক্ষীৰ (cisf) একাংশ লম্পট  জোৱানৰ   উৎপাতত নিশা জীয়ৰী বোৱাৰী সকল বাহিৰলৈ ওলাব নোৱাৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।   দীৰ্ঘ দিন ধৰি বি ভি এফ চি এল CISF  ইউনিটৰ একাংশ  নিচাগ্ৰস্ত জোৱানে  কেম্পৰ ওচৰৰ আৱাসিক  এলেকা বাচা টাইপ চাৰি আলিৰ বহু আৱাস গৃহত সোমাই নিশা উদ্ভণ্ডালি কৰা ঘটনা  চৰ্চিত হৈ আহিছিল।

শুক্ৰ বাৰেও অনুৰূপ ঘটনা সংঘটিত কৰিলে cisf ৰ চাহিল শৰ্মা নামৰ  cisf ৰ জোৱান এজনে।  বাচা টাইপ এলেকাৰ মহিলা সকলৰ অভিযোগ মৰ্মে  উক্ত এলেকাত হাজৰিকা উপাধিৰ এঘৰত চলে দেহ  ব্যৱসায়।  মহিলা সকলে  নামৰূপ থানত দিয়া অভিযোগ মৰ্মে  এই ঘৰখনলৈ নিশা  cisf ৰ একাংশ জোৱান সহ বহু গ্ৰাহকৰ  চলে অহাযোৱা। শুক্ৰ বাৰে নিশাও cisf ৰ চাহিল শৰ্মা নামৰ  জোৱান জন উক্ত ঘৰটোলৈ গৈছিল যদিও দুৱাৰ নোখোলাত নিশা গ্ৰস্থ জোৱান জন   পাছফালেদি গৈ মুধচৰ টিনৰ ওপৰত উঠি  গ্ৰহস্থক মাতিবলৈ ধৰে।  

এনেতে ওচৰচুবুৰীয়া  সকলো ওলাই আহি   হুলস্থুল লগোৱাত জোৱান জনে মুধচৰ টিনৰ পৰা জঁপিয়াই এটা নলাত পৰি আঘাতপ্ৰাপ্ত  হয়। লগে লগে স্থানীয় মহিলা  সকলো ওলাই আহি  জোৱান জনক ধৰি উত্তম মধ্যম দিয়ে আৰু নামৰূপ আৰক্ষীৰ গতাই দিয়ে। ইফালে   ইউনিটৰ সকলোৱে কথাটো গম পাই জোৱান জনক উদ্ধাৰৰ বাবে যায় যদিও উগ্ৰমূৰ্তি ধৰা মহিলা সকলে cisf ৰ দল টো  খেদি পঠায়।

আনহাতে আজি পুৱাই প্ৰায় অৰ্ধ শতাধিক মহিলা  নামৰূপ থানাত উপস্থিত হৈ  ঘটনা সন্দৰ্ভত এক অভিযোগ দাখিল কৰে  আৰু বিনষ্ট  পৰিবেশটোৰ সন্দৰ্ভত বিহিত ব্যবস্থা লবলৈ দাবী তোলে। মহিলা সকলে cisf ইউনিট ৰ কাৰ্যালয়টো উপস্থিত হৈ cisf জোৱানৰ উদ্ভণ্ডালি সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰে। 

নামৰূপ নামৰূপ সাৰ কাৰখানা