দেওবাৰে প্ৰধানমন্ত্ৰী মোডীক আদৰিবলৈ সাজু হৈছে নামৰূপবাসী

দহ হেজাৰ কোটি টকা ব্যয় সাপেক্ষে ১২ লাখ মেট্ৰিক টন  ইউৰিয়া উৎপাদনক্ষম নতুন সাৰ প্ৰকল্পটোৰ  শিল্যানাস কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-20 at 8.16.48 PM

ডিজিটেল ডেস্কঃ দেওবাৰে নাহৰকটিয়া সমষ্টিৰ বাবে এক ঐতিহাসিক দিন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেওবাৰে নামৰূপত উপস্থিত হৈ নামৰূপবাসীৰ প্ৰত্যাশিত নতুন সাৰ প্ৰকল্পটো শুভ উদ্বোধন কৰিব। দহ হেজাৰ কোটি টকা  ব্যয় সাপেক্ষে ১২ লাখ মেট্ৰিক টন  ইউৰিয়া উৎপাদনক্ষম নতুন সাৰ প্ৰকল্পটোৰ  শিল্যানাস কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। 

WhatsApp Image 2025-12-20 at 8.13.47 PM

এই উপলক্ষে নামৰূপৰ হাপ জান অঞ্চলৰ প্ৰায় ডেৰ শ বিঘা ভূমি  সৰ্বতো প্ৰকাৰে সাজু কৰি তোলা হৈছে। হাপজান  অঞ্চলৰ এই বৃহৎ কৃষি ভূমিতে  লক্ষাধিক দৰ্শক সমবেত হ'ব পৰাকৈ সাজু কৰি তোলা হৈছে  অত্যাধুনিক  অস্থায়ী সভাগৃহ।  ইয়াৰ কিছু নিলগত অস্থায়ী ভাবে  নিৰ্মাণ কৰা হৈছে হেলিপেড।  প্ৰধানমন্ত্ৰীগৰাকী ডিব্ৰুগড় বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে আহি  নামৰূপত  নিৰ্মাণ কৰা হেলিপেদত অৱতৰণ কৰিব । ইয়াৰ পাছতে বিশেষ বাহনেৰে  সমীপত থকা শিল্যন্যাসস্থলীলৈ ৰাওনা হ'ব।  

WhatsApp Image 2025-12-20 at 8.13.46 PM

দেওবাৰৰ এই ঐতিহাসিক  দিনটো লৈ অধিক আগ্ৰহেৰে  বাট চাই আছে নামৰূপবাসী ৰাইজে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ  বলিষ্ঠ  নেতৃত্বই   সমগ্ৰ  কাৰ্য্যসূচী  কঠোৰ নিৰাপত্তা বেষ্টনীত সম্পূৰ্ণ কৰি তুলিছে।  লক্ষণীয় যে, ২০০৬ চনৰ পৰাই নামৰূপত এটা নতুন সাৰ প্ৰকল্প স্থাপনৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন কংগ্ৰেছৰ চৰকাৰে ।  কেৱল আধাৰশিলাতে সামৰণি মৰা প্ৰকল্পত কংগ্ৰেছৰ চৰকাৰে উদ্যোগটো স্থাপনৰ বাবে কৰা ৰাইজৰ দাবী কাতৰ আহ্বানক তিল মাত্ৰও গুৰুত্ব নিদিলে। অৱশেষত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই নামৰূপৰ ৰাইজক দিয়া প্ৰতিশ্ৰতি মৰ্মে নামৰূপৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাৰ প্ৰতি সন্মান জনাই সাৰ কাৰখানাৰ নতুন গোট এটা স্থাপনৰ  আশা পূৰণ কৰিলে। এই ক্ষেত্ৰত  নাহৰকটিয়া সমষ্টিৰ উদ্যমী বিধায়ক তৰংগ গগৈৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টাও লক্ষ্যণীয়।

WhatsApp Image 2025-12-20 at 8.17.45 PM (1)

নাহৰকটীয়া সমষ্টিৰ অগ্ৰগতিৰ প্ৰত্যক্ষ প্ৰমাণ হিচাপে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰদৰ্শী নেতৃত্বৰ লগতে  নিষ্ঠাবান বিধায়ক তৰংগ গগৈৰ এই অৱদান  নাহৰকটীয়া সমষ্টিৰ ৰাইজে আজীৱন মনত ৰাখিব। এই সফলতা  মুখ্যমন্ত্ৰী আৰু  বিধায়ক তৰংগ গগৈৰ অদম্য প্ৰচেষ্টাৰ প্ৰত্যক্ষ প্ৰমাণ। মুখ্যমন্ত্ৰীৰ  নেতৃত্বত অসম ভেলী ফাৰ্তিলাইজৰ  এণ্ড কেমিকেলছ কৰ্পোৰেচন  লিমিটড  নামেৰে  নতুন  কোম্পানী স্থাপন কৰি নামৰূপৰ ল্যাণ্ডমাৰ্ক ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া উৎপাদন  স্থাপন কৰিবলৈ  আগবঢ়াটো অত্যন্ত দুঃ সাহসিক কাৰ্য্য হিচাপে চিহ্নিত হৈছে।

WhatsApp Image 2025-12-20 at 8.13.47 PM

এই প্ৰকল্পটো কেৱল এটা উদ্যোগ  নহয়, ই হৈছে নাহৰকটীয়া সমষ্টিৰ জনসাধাৰণৰ দশক দশক  জোৰা পুৰণি আকাংক্ষা ।এই উদ্যোগটোৰ বাৰ্ষিক উৎপাদন ক্ষমতা হ'ব ১২ লাখ মেট্ৰিক টন , যাৰ ফলত সমগ্ৰ উত্তৰ-পূব আৰু পূব ভাৰতৰ কৃষকৰ বাবে ইউৰিয়াৰ উপলব্ধতা যথেষ্ট বৃদ্ধি পাব।  ই যথেষ্ট পৰিমাণৰ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি কৰাৰো প্ৰতিশ্ৰুতি দিছে।  যিয়ে অঞ্চলটোৰ ঔদ্যোগিক আত্মনিৰ্ভৰশীলতাক শক্তিশালী কৰাৰ দিশত এক নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিব। বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডৰ পুনৰুজ্জীৱন আৰু সম্প্ৰসাৰণৰ বিষয়ে আলোচনা আৰু স্থবিৰতাহে অব্যাহত আছিল। শেহতীয়া ভাবে নামৰূপত নতুন ব্ৰাউনফিল্ড ইউৰিয়া উদ্যোগৰ বাবে কেন্দ্ৰৰ অনুমোদন পোৱাটো কেৱল মাত্ৰ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰতহে যে সম্ভৱ। এই কথা  অসমৰ জনসাধাৰণে অন্তঃ কৰণেৰে অনুভৱ কৰিছে। 

WhatsApp Image 2025-12-20 at 8.17.46 PM

আনহাতে নামৰূপৰ দৰে  পিছপৰা সীমামূৰীয়া অঞ্চললৈ  দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনৰ বিষয়টোত  মুখ্যমন্ত্ৰী গৰাকীৰ  নিষ্ঠা, বিশ্বাসভাজনতা  প্ৰস্ফুটিত হৈছে।  নতুন প্ৰকল্পটোৰ পৰিচালন সঞ্চালকৰ দায়িত্বত থকা ডঃ শিৱ প্ৰসাদ  মহান্তীয়ে নতুন উদ্যোগটো স্থাপনৰ  দিনৰ পৰা অহোপুৰুষাৰ্থ কৰি প্ৰাৰম্ভিক কাম সমূহ আগবঢ়াই নিছে।  দেওবাৰৰ  বিশেষ অনুষ্ঠানটোত বাবে  কেন্দ্ৰীয়  চৰকাৰৰ ফাৰ্তিলাইজাৰ  ডিপাৰ্টমেণ্টৰ শীৰ্ষ বিষয়া, এইচ ইউ আৰ এল ৰ টীম , এন এফ এলৰ উচ্চ প্ৰদস্থ বিষয়া, আদি ইতিমধ্যে আহি নামৰূপত বাঁহৰ পাতিছে। 

নামৰূপ নামৰূপ সাৰ কাৰখানা