নামৰূপত অসম আবৃত্তি মঞ্চৰ প্ৰবাল জয়ন্তী উদযাপন

অসম আবৃত্তি মঞ্চৰ দশম বাৰ্ষিক অধিৱেশন তথা আবৃত্তি যাত্ৰাৰ মাত্ৰাৰূপে এদিনীয়া কাৰ্যসূচীৰে নামৰূপত নামৰূপ সাহিত্য কাব্য কানন, নাহৰকটীয়া কাব্য কানন আৰু দুলীয়াজান কাব্য কাননৰ আতিথ্যত প্ৰবাল জয়ন্তী উদযাপন কৰা হয়। 

author-image
Asomiya Pratidin
New Update
LKDJFLKSDJF

ডিজিটেল সংবাদ, নামৰূপঃ অসম আবৃত্তি মঞ্চৰ দশম বাৰ্ষিক অধিৱেশন তথা আবৃত্তি যাত্ৰাৰ মাত্ৰাৰূপে এদিনীয়া কাৰ্যসূচীৰে নামৰূপত নামৰূপ সাহিত্য কাব্য কানন, নাহৰকটীয়া কাব্য কানন আৰু দুলীয়াজান কাব্য কাননৰ আতিথ্যত প্ৰবাল জয়ন্তী উদযাপন কৰা হয়। 

অসম আবৃত্তি মঞ্চৰ সম্পাদক জীতুমনি শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত পুৱা পতাকা উত্তোলন কৰে সভাপতি যোগানন্দ বৰাই। লগতে স্মৃতি তৰ্পন কৰে নাহৰকটীয়াৰ বিশিষ্ট সমাজকৰ্মী জয়ানন্দ বৰুৱাই। নামৰূপ সাহিত্য সভাৰ ড০ ভূপেন হাজৰিকাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰবাল জয়ন্তী উদযাপন উপলক্ষে আয়োজিত আবৃত্তি সমাৰোহত নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, সাপেখাটী, সোণাৰী, যোৰহাটকে ধৰি কাব্য কাননৰ ভিন্ন শাখাৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰাৰ বিপৰীতে ইয়াৰে নামৰূপ সাহিত্য কাব্য কাননৰ তৰফৰ পৰা পৰিৱেশন কৰা চৈতন্য কোঁৱৰ ৰচনা আৰু ময়ূৰাক্ষী মহন্তৰ পৰিকল্পনাৰে পৰিৱেশন কৰা কবিতালেখ্য "কেনভাচত কবিতাৰ জিকমিকনি" উপস্থাপন আছিল অনুষ্ঠানটিৰ অন্যতম আকৰ্ষণ। 

সমাৰোহত অসমৰ বিশিষ্ট শিশু সাহিত্যিক ড০ শশাংক জ্যোতি খাউণ্ডক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ  লগতে, বিশিষ্ট আবৃত্তিকাৰ তথা আবৃত্তি মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি শান্তিছাঁয়া শইকীয়াক এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত প্ৰাক্তন শিক্ষাৰ্থীসকলে গুৰু সেৱা জনায়। 

প্ৰায় পাঁচ শতাধিক লোক সমবেত হোৱা অনুষ্ঠানত নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দুৰ্গাপ্ৰসাদ গগৈই নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি সাৰুৱা বক্তৃতা প্ৰদান কৰাৰ লগতে বৰহাট মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰবীন্দ্ৰ দাসে অসম আবৃত্তি মঞ্চৰ পত্ৰিকা 'আবৃত্তি বাৰ্তা' উন্মোচন কৰে। উল্লেখ্য যে, ১৯৯০ চনতে অসমৰ বিশিষ্ট আবৃত্তিকাৰ শান্তিছায়া শইকীয়াৰ নেতৃত্বত পাতনি মেলা আবৃত্তি যাত্ৰাৰ ৩৫ বছৰ স্বৰূপে আজি নামৰূপ, নাহৰকটীয়া তথা দুলীয়াজানৰ ৩৫ জন বিশিষ্ঠ ব্যক্তিৰ দ্বাৰা ৩৫ গছি বন্তি প্ৰজ্বলন কৰা হয়।

নামৰূপ