/asomiyapratidin/media/media_files/2025/09/01/namrup-01-2025-09-01-20-52-40.jpg)
প্ৰতিনিধিত্বমূলক ফটো
ডিজিটেল সংবাদ নামৰূপঃ অসম ৰাজ্যিক কৰ্মচাৰী সংঘৰ দীৰ্ঘদিনীয়া ন্যায্য প্ৰাপ্তি, পদোন্নতি নিদিয়া, কৰ্মচাৰীসকলৰ পদ বিলুপ্তিকৰণৰ বিৰোধিতা তথা ছাৰ্ভিছ ৰুলছ, ছাৰ্ভিছ মেনুৱেল প্রৱৰ্তনৰ দাবীত এক দীঘলীয়া আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰি যোৱা পহিলা আগষ্টত এক ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰিছিল। এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলক মহাপ্রবন্ধকৰ কাৰ্য্যালয়ত সোমোৱাত বাধা প্ৰদান কৰাত প্ৰতিবাদীসকল ক্ষোভিত হৈ পৰিছিল।
ইয়াৰ পিছতে মহাপ্রবন্ধকগৰাকীয়ে ২ আগষ্টত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ নামৰূপ শাখাক এক পত্ৰ যোগে অভিযোগ কৰে যে উক্ত আন্দোলন কাৰ্য্যসূচী সন্দৰ্ভত স্থানীয় কৰ্তৃপক্ষক অৱগত কৰা নাছিল আৰু বিজুলী ভৱনৰ মানবসম্পদ মহপ্ৰবন্ধকগৰাকীলৈ প্ৰেৰণ কৰা পত্ৰত ধৰ্ণা কাৰ্যসূচীৰ স্থান আৰু সময় উল্লেখ কৰা নাছিল। লগতে সামাজিক মাধ্যমত এনে সংবাদ প্ৰচাৰ কৰি মহাপ্ৰবন্ধকগৰাকীৰ সন্মান লাঘৱ কৰাৰ অভিযোগ উত্থাপন কৰি এক পত্ৰ প্ৰেৰণ কৰে সংঘলৈ।
ইয়াৰ পিছতে জাঙুৰখাই উঠিছে অসম ৰাজ্যিক বিদ্যুৎ কৰ্মচাৰী সংঘ নামৰূপ শাখা। অসম ৰাজ্যিক বিদ্যুৎ কর্মচাৰী সংঘ, নামৰূপ শাখাই মহাপ্রবন্ধকৰ পত্ৰৰ উত্তৰত হতচকিত হোৱা বুলি উল্লেখ কৰি কয় যে এনে এখন পত্ৰ মহাপ্ৰবন্ধক জনৰ পৰা সংগঠনটোৱে আশা কৰা নাছিল। সংঘৰ সভাপতি ব্ৰজেন কাকতি আৰু সম্পাদক বিপুল গায়নে স্বাক্ষৰিত পত্ৰত উল্লেখ কৰে যে দৰাচলতে মহাপ্ৰবন্ধকগৰাকীয়ে প্ৰেৰণ কৰা পত্ৰখন এক মর্যদাপূর্ণ সংগঠনলৈ দিয়া পত্র নে আদেশনামা সেয়া স্পষ্ট নাই হোৱা।
কাৰণ পত্র এখনত থাকিবলগীয়া নিয়ম-নীতি, সৌজন্যতাখিনি প্ৰস্ফুটিত নহ'ল। সংঘৰতিনি দফীয়া পত্ৰখনত প্ৰথমেই উল্লেখ কৰে যে পহিলা আগষ্টত ৰূপায়ন কৰা ধৰ্ণা কাৰ্যসূচী সম্পর্কত ২৬ জুলাইত উৰ্ধতন কর্তৃপক্ষলৈ দিয়া পত্ৰৰ সকলো প্রতিলিপি মহাপ্ৰবন্ধকগৰাকীকো প্ৰদান কৰা হৈছিল।
তাৰ পিছতো উক্ত কাৰ্যসূচী সন্দৰ্ভত অৱগত নহয় বুলি কোৱাটো অতি আশ্বৰ্যৰ বিষয় বুলি উল্লেখ কৰে। লগতে উল্লেখ কৰে যে একেধৰণৰ কাৰ্য্যসূচী কেৱল নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰতে নহয় লাকুৱা আৰু কাৰ্বি লাংপী উৎপাদন কেন্দ্ৰটো ৰূপায়ন কৰা হৈছিল।অনুৰূপ প্ৰক্ৰিয়াৰে উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে প্ৰতিলিপি স্থানীয় কৰ্তৃপক্ষকো প্ৰদান কৰা হয়।
কিন্তু লক্ষণীয় যে লাকুৱা আৰু কাৰ্বিলংপিৰ মহাপ্রৱন্ধক দুগৰাকীয়ে ধর্ণাস্থলীত উপস্থিত হৈ স্মাৰকপত্র গ্রহণ কৰি কৰ্মচাৰীসকলৰ প্ৰতি সৌজন্যতা প্রকাশ কৰি দায়িত্বশীল বিষয়াৰ নিদৰ্শন দাঙি ধৰাৰ বিপৰীতে নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ মহাপ্ৰবন্ধকগৰাকীয়ে গেটত তলা লগাই গৌৰৱময় সংগ্ৰামৰ ইতিহাসেৰে অর্ধশতিকা পাৰ কৰা ইউনিয়নখনক চৰম অপমান কৰিলে বুলি উল্লেখ কৰে।
পত্ৰৰ দ্বিতীয় দফাত উল্লেখ কৰে যে, সংবাদমাধ্যম আৰু সামাজিক মাধ্যমত ইউনিয়নৰ তৰফৰ পৰা দিয়া মন্তব্য সন্দর্ভত স্পষ্ট কৈ উল্লেখ কৰে যে উক্ত দিনা সৃষ্টি হোৱা পৰিস্থিতি মহাপ্ৰবন্ধকগৰাকীয়ে সৃষ্টি কৰা পৰিবেশৰ প্ৰতিফলনহে মাত্র। লগতে শ্রমিকৰ ওপৰত কৰা নির্যাতন, বঞ্চনাৰ বিৰুদ্ধে শৰীৰত শেষ টোপাল তেজ থকালৈকে প্রতিবাদ কবি যোৱাৰ সকিয়নি দিয়ে শ্ৰমিক কৰ্মচাৰীসকলে।
পত্ৰৰ তৃতীয় দফাত উল্লেখ কৰে যে উৎপাদন আৰু জৰুৰী সেৱা যাতে বিঘ্নিত নহয় তাৰ বাবে অসম ৰাজ্যিক বিদ্যুৎ কর্মচাৰী সংঘ সদায় সচেতন থাকিব যদিও তেনে এক ঋণাত্মক পৰিস্থিতিলৈ কৰ্মচাৰীসকলক যাবলৈ যাতে বাধ্য কৰোৱা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনাই কৰ্তৃপক্ষক। আনহাতে পূৰ্বে নিৰ্ধাৰন কৰা কাৰ্য্যসূচী অনুসৰি বৃহস্পতিবাৰে নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত আঠ ঘণ্টিয়া ধৰ্ণা আৰু মহাপ্ৰবন্ধকক ঘেৰাও কাৰ্য্যসূচী ৰূপায়ন কৰিব সংগঠনটোৱে।