আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত উজলিল নম্ৰতা দত্তৰ ‘পত্ৰলেখা’

পত্ৰলেখা ছবিখনে  কেৱল এখন ছবিকে উপস্থাপন কৰা নাই ই অসমীয়াৰ সাংস্কৃতিক স্মৃতি, শিল্পীসত্তা আৰু আবেগিক জগতখনক দৰ্শকৰ সন্মুখত মুকলি কৰি দিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ তাৰকা, চিনেমা,ছেলফি আৰু গুৰুত্বপূৰ্ণ চলচ্ছিত্ৰ চৰ্চাৰ তুমুল উত্তেজনাৰ মাজতেই ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চিনেমাই এইবাৰ নীৰৱে অথচ দৃঢ়ভাৱে নিজৰ উপস্থিতি অনুভৱ কৰালে৷ এই উপস্থিতিৰ অন্যতম উজ্বল দিশ আছিল লেখিকা-নিৰ্দেশিকা নম্ৰতা দত্তৰ নন-ফিচাৰ ছবি ‘পত্ৰলেখা’৷ ছবিখনৰ এয়া আছিল প্ৰথম ‘বিশ্ব প্ৰিমিয়াৰ’৷ প্ৰেছ ইনফৰমেচন বুৰ’ৰ এজন সাংবাদিকে এই অভিজ্ঞতাৰ উল্লেখ কৰি কয় যে, ‘পত্ৰলেখা ছবিখনে  কেৱল এখন ছবিকে উপস্থাপন কৰা নাই; ই অসমীয়াৰ সাংস্কৃতিক স্মৃতি, শিল্পীসত্তা আৰু আবেগিক জগতখনক দৰ্শকৰ সন্মুখত মুকলি কৰি দিছে৷’ তেওঁ ছবিখনক ‘যেতিয়া গীত এটি কাহিনীলৈ ৰূপান্তৰিত হয়’ শিৰোণামাৰে অভিহিত কৰে আৰু উৎসৱৰ অন্যতম উল্লেখযোগ্য মুহূৰ্ত সমূহৰ ভিতৰত ‘পত্ৰলেখা’ই বিশেষভাৱে স্থান দখল কৰিছে বুলি উল্লেখ কৰে ৷ 

প্ৰাণিধানযোগ্য যে, ড° ভূপেন হাজৰিকাৰ এটি বিমূৰ্ত আৰু গভীৰ আবেগপূৰ্ণ গীতৰ অনুপ্ৰেৰণাৰে নিৰ্মিত ‘পত্ৰলেখা’ ছবিখনে গীতৰ কথাৰে নোকোৱা কাহিনী কল্পনাৰে নিৰ্মাণ কৰাৰ সাহস দেখুৱাইছে৷ গীতটোৰ ভিতৰত লুকাই থকা আকুলতা, অপূৰ্ণ ভালপোৱা আৰু নীৰৱ বেদনাক কেন্দ্ৰ কৰি ছবিখনে দুজন লোকৰ কাহিনীনিখুত আৰু স্পষ্টভাৱে দাঙি ধৰিছে। 

তাৰোপৰি নিজৰ সৃষ্টিশীল অনুসন্ধান সন্দৰ্ভত নম্ৰতা দত্তৰ  লগতে  সহ-প্ৰযোজক উৎপল দত্তই বহু মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়। ইপিনে বিশিষ্ট চলচ্ছিত্ৰ সমালোচক নৰেন্দ্ৰ বান্দাবেই ছবিখনৰ সৃষ্টিশীল দৰ্শনক প্ৰশংসা কৰি কয় যে - ‘নম্ৰতা দত্তই ভূপেন হাজৰিকাৰ এটা জনপ্ৰিয় গীতক সম্পূৰ্ণ এটা প্ৰেম কাহিনীলৈ ৰূপান্তৰিত কৰিছে।এটা অতি চমৎকাৰ কল্পনা৷ বিশেষকৈ প্ৰব্ৰজন আৰু ঘৰৰ পৰা আঁতৰি যোৱাৰ বেদনাক প্ৰেম কাহিনীৰ সৈতে মিলোৱা ধৰণটো হৃদয়স্পৰ্শী৷ সৰল কাহিনী, কিন্তু গভীৰভাৱে শক্তিশালী৷’ জ্যেষ্ঠ সাংবাদিক তথা চলচ্ছিত্ৰ উৎসৱ নিৰ্দেশক ডঃ দেব কন্যা ঠাকুৰেও ‘পত্ৰলেখা’ক দৃশ্য-ভাষা আৰু অভিনেতাসকলৰ অভিনয়ৰ বাবে প্ৰশংসা কৰি কয় ‘এই ছবিখন ভূপেনদাৰ প্ৰতি এক শিল্পসম্মত সন্মানাৰ্ঘ্য৷’‘পত্ৰলেখা’ই এটা কথা স্পষ্ট কৰি দিলে যে মাত্ৰ বিশাল বাজেট বা জাকজমকেই শক্তিশালী চিনেমাৰ মাপকাঠি নহয়৷ আন্তৰিকতা, বিশ্বাস আৰু আবেগিক সততা যেতিয়া একেলগ হয়, তেতিয়াই জন্ম লয় এনে চলচ্ছিত্ৰৰ — যিয়ে অসমীয়া কণ্ঠক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰিসৰত নীৰৱতাৰেও গভীৰভাৱে প্ৰতিধ্বনিত কৰি তোলে৷

আন্তৰ্জাতিক চলচ্ছিত্ৰ মহোৎসৱ