/asomiyapratidin/media/media_files/2026/01/28/1-2026-01-28-12-57-32.jpg)
ডিজিটেল ডেস্কঃ অসমৰ চলচ্চিত্ৰ জগতৰ বাবে এক সু-খবৰ। ৰাজস্থানৰ যোধপুৰত অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব দ্বাদশ সংখ্যক ৰাজস্থান ইণ্টাৰনেছনেল ফিল্ম ফেষ্টিভেল। এই দ্বাদশ সংখ্যক ৰাজস্থান ইণ্টাৰনেছনেল ফিল্ম ফেষ্টিভেললৈ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে নম্ৰতা দত্তৰ চুটি ছবি 'পত্ৰলেখা'। সংগীত, স্মৃতি আৰু প্ৰব্ৰজনৰ দৰে সংবেদনশীল বিষয়সমূহক সূক্ষ্মভাৱে উপস্থাপন কৰা পত্ৰলেখাই ইতিমধ্যে দেশজুৰি দৰ্শক আৰু সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/whatsapp-imag-2026-01-28-12-53-39.jpeg)
সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ একে নামৰ কালজয়ী গীত ‘পত্ৰলেখা’ৰ আৱেগিক আৰু ভাবগত আবেদনক কেন্দ্ৰবিন্দু হিচাপে লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে। গীতটো এক সাংস্কৃতিক আৰু আৱেগিক আধাৰ হিচাপে গ্ৰহণ কৰি নম্ৰতা দত্তই স্বৰচিত চিত্ৰনাট্যৰে ছবিখন গঢ় দিছে। ইয়াৰ ফলস্বৰূপে সৃষ্টি হৈছে ড॰ ভূপেন হাজৰিকাৰ কাব্যিক জগতৰ সৈতে এক গভীৰ, ব্যক্তিগত আৰু সমসাময়িক বাস্তৱতাৰ সৈতে সংলগ্ন হোৱা চলচ্চিত্ৰীয় ধাৰণা।
ইয়াৰ পূৰ্বে চুটি ছবি 'পত্ৰলেখা' গোৱাত অনুষ্ঠিত ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ 'ইণ্ডিয়ান পেনোৰামা' শাখাত প্ৰদৰ্শিত হৈছিল। ভাৰতীয় চলচ্ছিত্ৰৰ অন্যতম মঞ্চ হিচাপে পৰিচিত এই শাখাত ছবিখনৰ প্ৰদৰ্শনে দেশজুৰি চলচ্চিত্ৰ সমালোচক, কিউৰেটৰ আৰু উৎসৱ আয়োজকৰ দৃষ্টি আকৰ্ষণ কৰে।" ৰিফ"ত ছবিখন অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত সন্দৰ্ভত ফেষ্টিভেল ডিৰেক্টৰ সোমেন্দ্ৰ হৰ্ষবৰ্ধনে কয় যে- '' মই সদায়েই সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ গানৰ এজন অনুৰাগী। সেই বাবেই মই ইফিত বিশেষ আগ্ৰহেৰে চুটি ছবি পত্ৰলেখা চাইছিলোঁ। ছবিখনে মোৰ আশা পূৰণ কৰাতকৈ বহু বেছি প্ৰভাৱ পেলালে। তাত আয়োজিত সংবাদমেলতো মই উপস্থিত আছিলোঁ, আৰু সেই সময়তেই মই সিদ্ধান্ত লৈছিলোঁ যে এই ছবিখন ৰাজস্থান ইণ্টাৰনেছনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হ’ব লাগিব।”
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/28/whatsapp-2026-01-28-12-53-59.jpeg)
উল্লেখযোগ্য যে, ‘ইণ্ডিয়ান পেনোৰামা’ত নিৰ্বাচিত ছবিসমূহ জাতীয় চলচ্চিত্ৰ উন্নয়ন নিগম-এ সংৰক্ষণ কৰে আৰু বিভিন্ন দেশীয়-আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত সেই ছবিসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰে। এই ক্ষেত্ৰতো এন এফ ডি চি -এ আনুষ্ঠানিকভাৱে পত্ৰলেখাক ৰিফলৈ প্ৰেৰণ কৰিছে। ইফি-ত প্ৰকাশিত চৰকাৰী আলোচনী 'পিকক'–এ উৎসৱত প্ৰদৰ্শিত উল্লেখযোগ্য পাঁচখন চুটি ছবিৰ ভিতৰত পত্ৰলেখাক অন্তৰ্ভুক্ত কৰিছে। প্ৰসিদ্ধ চলচ্চিত্ৰ সমালোচক নৰেন্দ্ৰ বাণ্ডাবাই ছবিখনৰ ভূয়সী প্ৰশংসা কৰি বিশেষকৈ নগৰমুখী প্ৰব্ৰজনৰ বিষয়টো যিদৰে সূক্ষ্মভাৱে উপস্থাপন কৰা হৈছে, তাক ছবিখনৰ অন্যতম উজ্জ্বল দিশ হিচাপে চিহ্নিত কৰিছে। তেওঁৰ মতে, এই বিষয়টো কাহিনীৰ সৈতে অত্যন্ত স্বাভাৱিকভাৱে সংযোজিত হৈ আৱেগিক সংবেদনশীলতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে।
চুটি ছবি পত্ৰলেখাৰ দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে নন্দিনী বৰুৱা আৰু হেমন্ত দেৱনাথে। সংযত আৰু অন্তৰ্মুখী অভিনয়ে ছবিখনৰ নীৰৱ আৱেগিক পৰিসৰক অধিক গভীৰতা আৰু বিশ্বাসযোগ্যতা প্ৰদান কৰিছে। গাঁও আৰু চহৰৰ মিশ্ৰিত পটভূমিত নিৰ্মিত এই ছবিখনৰ চিত্ৰগ্ৰহণ ৰাতুল বৰ্মণৰ, যিয়ে ছবিখনৰ চিন্তনশীল মেজাজ সুন্দৰভাৱে দৃশ্যায়িত কৰিছে। শব্দ-সংযোজন আৰু সংগীতৰ দায়িত্বত আছে অভিজিত বৰ্মণ, আৰু সম্পাদনা কৰিছে ঝুলন কৃষ্ণ মহন্তই। কলা-বগা ৰূপত নিৰ্মিত এই ছবিখনে সময়াতীততা, স্মৃতি আৰু নষ্টালজিয়াৰ অনুভৱ সচেতনভাৱে উদ্ভাসিত কৰে। সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে নিৰ্মাণ কৰা পত্ৰলেখাক সুধাকণ্ঠৰ প্ৰতি এক আন্তৰিক আৰু গভীৰ চলচ্চিত্ৰীয় শ্ৰদ্ধাঞ্জলি হিচাপে গণ্য কৰা হৈছে। কেৱল এটা স্মৰণমূলক সৃষ্টি নহয়, এই ছবিখনে গীত আৰু চলচ্চিত্ৰ, অতীত আৰু বৰ্তমান, গাঁও আৰু চহৰৰ মাজত এক প্ৰজন্মান্তৰৰ সংলাপ স্থাপন কৰে।
/asomiyapratidin/media/post_attachments/76290c04-b8b.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us