নমো ভাৰত কৰিড'ৰ মুকলিৰ প্ৰথমটো দিনতে অভিলেখ

দিল্লী-গাজিয়াবাদ-মীৰাটত নমো ভাৰত ৰে'ল সেৱা মুকলিৰ প্ৰথমটো দিনতে যাতায়াতৰ ক্ষেত্ৰত গঢ়িলে অভিলেখ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ কৰিড'ৰ আৰু মীৰাট মেট্ৰ' ৰে'ল সেৱা মুকলি কৰিছিল।

author-image
Asomiya Pratidin
New Update
5

ডিজিটেল ডেস্কঃ দেশবাসীৰ বাবে দেওবাৰৰ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত গৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে শতাব্দী নগৰ নমো ভাৰত ষ্টেচনত মীৰাট মেট্ৰ' আৰু নমো ভাৰত ৰে'লৰ ফ্লেগ অফ কৰিছিল। ভাৰতৰ প্ৰথমটো নমো ভাৰত আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম উদ্বোধন কৰি দিল্লী-মীৰাট নমো ভাৰত কৰিড'ৰ দেশবাসীলৈ উচৰ্গা কৰিছিল। আৰ আৰ টি এছ প্ৰকল্পত দিল্লীৰ ছৰাই কালে খান আৰু নিউ অশোক নগৰৰ মাজৰ ৫ কিলোমিটাৰ অংশ আৰু উত্তৰ প্ৰদেশৰ মীৰাট ছাউথ আৰু মোদীপুৰমৰ মাজৰ ২১ কিলোমিটাৰ অংশ অন্তৰ্ভুক্ত কৰে। 

নমো ভাৰত পথৰ দৈৰ্ঘ ৮২.১৫ কিলোমিটাৰ, ইয়াৰে প্ৰায় ৭০ কিলোমিটাৰ এলিভেটেড আৰু ১২ কিলোমিটাৰ মাটিৰ তলত আছে। দিল্লীৰ ছৰাই কালে খান আৰু মীৰাটৰ মোদীপুৰমৰ মাজৰ দূৰত্ব এতিয়া মাত্ৰ ৫৫ মিনিটতে অতিক্ৰম কৰে। ছৰাই কালে খান এই প্ৰকল্পৰ আটাইতকৈ ডাঙৰ ষ্টেচন, ইয়াৰ উচ্চতা প্ৰায় ২২ মিটাৰ বুলি জানিব পৰা গৈছে। 

WhatsApp Image 2026-02-24 at 2.50.22 PM

দিল্লী-গাজিয়াবাদ-মীৰাটত নমো ভাৰত ৰে'ল সেৱা মুকলিৰ প্ৰথমটো দিনতে যাতায়াতৰ ক্ষেত্ৰত গঢ়িলে অভিলেখ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ কৰিড'ৰ আৰু মীৰাট মেট্ৰ' ৰে'ল সেৱা মুকলি কৰিছিল। তাৰ পাছতে এই নমো ভাৰত ৰে'ল সেৱাত যাত্ৰা কৰা মুঠ যাত্ৰীৰ সংখ্যাই এক লাখৰ সীমা অতিক্ৰম কৰে বুলি বিভাগীয় বিষয়াসকলে জানিবলৈ দিয়ে। নতুন দিল্লীৰ পৰিবহণ নিগমৰ তথ্য অনুসৰি- যাত্ৰীৰ সুবিধাৰ বাবে ষ্টেচনত ৮ হাজাৰৰো অধিক বাহনৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা আছে। লগতে গাজিয়াবাদ ষ্টেচনত সৰ্ববৃহৎ চাৰিচকীয়া বাহন পাৰ্কিঙৰো সুবিধা আছে। য’ত ৩৭০ খন চাৰিচকীয়া আৰু ৬৩২ খন দুচকীয়া বাহন একেলগে ৰাখিব পাৰিব। 

উল্লেখ্য যে, দিল্লীৰ ছৰাই কালে খা নমো ভাৰত ষ্টেচনতো কৰা হৈছে বিশেষ সুবিধা। ২৬৬ খন চাৰিচকীয়া আৰু ৮৩৭ খন দুচকীয়া বাহনৰ আছে উন্নতমানৰ ব্যৱস্থা। ইপিনে বাছ আস্থান, ৰে'ল ষ্টেচন আৰু মেট্ৰ' সেৱাৰ সৈতে থকা সংযোগৰ বাবেই এই ষ্টেচনটো এক প্ৰধান কেন্দ্ৰত পৰিণত হৈছে ৷ আনফালে যাত্ৰীৰ সুবিধাৰ বাবে পাৰ্কিং মাচুল কিছু তুলনামূলকভাৱে কম কৰা হৈছে । উত্তৰ প্ৰদেশৰ ষ্টেচনসমূহত চাইকেল, দুচকীয়া বাহন, চাৰিচকীয়া বাহনৰ পাৰ্কিঙৰ বাবে সময়সীমা বেলেগ বেলেগ ৷ আনহাতে ৰাজধানী দিল্লীৰ ষ্টেচনসমূহতো একেধৰণৰ স্লেব ব্যৱস্থা আছে ।

WhatsApp Image 2026-02-24 at 2.50.01 PM

নমো ভাৰত কৰিড'ৰ