/asomiyapratidin/media/media_files/2025/12/26/1-2025-12-26-13-10-41.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰাজ্যত শীত নমাৰ লগে লগে বনভোজৰো বতৰ অহা পৰিলক্ষিত হয় । বছৰটোৰ শেষৰ দিনকেইটি তথা সমাগত মাঘ বিহু আৰু নৱবৰ্ষৰ মাজৰ দিনকেইটিত ৰাজ্যৰ বনভোজস্থলীসমূহ জনসমাগমেৰে মুখৰ হৈ উঠিছে। প্ৰকৃতিৰ অনাবিল সৌন্দৰ্য্যৰে ভৰপূৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিত জীয়া ভৰলী নদীৰ পাৰৰ বাৰ মাইলত বনভোজকাৰী দলে ভিৰ পৰিলক্ষিত হয়। বনভোজস্থলীসমূহত কোনোৱে যদি খেল-ধেমালি কৰিছে আন কোনোৱে নাচ-গানত মচগুল হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/a38b66f5-085.png)
উল্লেখ্য যে, অসম অৰুণাচল সীমান্তৰ এই নদীখনৰ নৈসৰ্গিক শোভাই হাত বাউলি মাতিছে প্ৰতিজন বাটৰুৱাক। প্ৰতি বছৰেই ডিচেম্বৰ মাহটোৰ শেষত এনেদৰে নদীখনৰ পাৰত ভিৰ কৰে অজশ্ৰ বনভোজ প্ৰেমী দলে ৷ ইপিনে উখল-মাখল পৰিৱেশ বাৰ মাইলৰ বনভোজস্থলীত।
নদীৰ দাঁতিত উদুলি- মুদুলি পৰিৱেশ। SOP মানি হলেও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এইবাৰো ঢপলিয়াই আহিছে বনভোজপ্ৰেমী দল সমূহ ৷ পৰিয়াল¸বন্ধু¸আপোনজনৰ সৈতে এসাঁজ একেলগে খাবলৈ নদীৰ এতিয়া ভিৰ হৈছে বনভোজৰ দলসমূহে ।
/asomiyapratidin/media/post_attachments/00efedde-d52.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us