ডিজিটেল সংবাদ, নলবাৰী: ''মহিলাসকলক ধৰি ৰাখিব নোৱাৰিলে সমাজৰ চেতনাক ধৰি ৰাখিব নোৱাৰি । মহিলাসকলৰ আৰু নৱ প্ৰজন্মৰ অপৰিসীম শক্তি আছে । জাতীয় জীৱনক মহিলাসকলেহে ৰক্ষা কৰিব পাৰিব, পুৰুষসকলে নহয় ।" —এই মন্তব্য বিশিষ্ট গৱেষক ডঃ উপেন্দ্ৰজিৎ শৰ্মাৰ । নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত 'আকাশ' উপ সমিতিৰ উদ্যোগত ৭ নৱেম্বৰত অনুষ্ঠিত বাৰ্ষিক অনুষ্ঠানত বিশিষ্ট আলহী হিচাপে ভাগ লৈ দিয়া ভাষণ প্ৰসংগত শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডঃ শৰ্মাই অসমীয়া সাহিত্যত উপন্যাসৰ ধাৰা মহিলাই কাঢ়ি লৈছে বুলিও উল্লেখ কৰে ।
যি আকাশৰ উদাৰতা আৰু বিশালতা ঢুকি নাপায় তেনে আকাশ আমাক নালাগে বুলি ভাষণত কৈ বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে যি আকাশে সুস্থ পৰিৱেশ সৃষ্টি কৰিব পাৰে, যি আকাশে প্ৰকৃতিক বৰ্তাই ৰাখিব পাৰে তেনে এখন আকাশহে আমাক লাগে বুলি কয় । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত 'আকাশ' নামৰ আলোচনীখন উন্মোচন কৰে অসম চৰকাৰৰ নগৰ পৰিকল্পনা বিষয়া কাঞ্চন মহন্তই । উন্মোচনী ভাষণত মহন্তই কয় যে আকাশ যেনেদৰে বিশাল আৰু সীমাহীন জ্ঞানৰ ভৰাঁলো বিশাল আৰু সীমাহীন । বিশাল 'আকাশ' আলোচনীখনৰ পৰাও নতুন প্ৰজন্মই জ্ঞান লাভ কৰিব পাৰিব ।
এই ক্ষেত্ৰত মহিলাসকলক সাহিত্য সাধনাত জড়িত হৈ থাকিবলৈও চৰকাৰী বিষয়া মহন্তই আহ্বান জনায় । নলবাৰী জিলা সাহিত্য সভাৰ সুভদ্ৰা চৌধুৰী ভৱনত হোৱা এই সভাখন উদ্বোধন কৰি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই 'আকাশ' আলোচনীখনৰ জৰিয়তে মহিলাসকলৰ সুপ্ত হৈ থকা প্ৰতিভাসমূহ প্ৰকাশ কৰিবলৈ সুযোগ পাব বুলি কয় । জিলা সাহিত্য সভাৰ উপ সমিতি আকাশৰ জৰিয়তে মহিলাসকলক একত্ৰিত কৰি ৰাখিব পাৰিব বুলিও সভা উদ্বোধনৰ ভাষণত ডাঃ কলিতাই কয় ।
নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰা আৰু আকাশ আলোচনীৰ সম্পাদক ডিম্বিকা চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সমাজসেৱী তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই কয় যে মহিলাসকলে নিজৰ ঘৰখনৰপৰা সমাজৰ দায়িত্ব পালন কৰে । এখন ঘৰৰপৰা শিশুৰ যি জীৱন যাত্ৰা আৰম্ভ হয় তাক মহিলাসকলেহে পৰিচালনা কৰে । ল'ৰা–ছোৱালীক এখন ধুনীয়া সমাজ দিবলৈ হ'লে নিজৰ ঘৰখন প্ৰথমে ধুনীয়া হ'ব লাগিব বুলিও সমাজসেৱীকা ডেকা বৰুৱাই কয় ।
জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মা, সহকাৰী সম্পাদক শ্বাহ আলম আহমেদ উপস্থিত থকা সভাখনৰ প্ৰাৰম্ভতে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাংগণত থকা অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎচন্দ্ৰ গোস্বামী আৰু শিক্ষাসেৱক মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰে আকাশ সম্পাদনা সমিতিৰ উপদেষ্টা বিভা বুজৰবৰুৱা আৰু কাৰ্যকৰী সভাপতি ডঃ ভণিতা বৰ্মন ডেকাই । সভাত বিশিষ্ট লেখিকা তথা জ্যেষ্ঠ মহিলা কিৰণ দেৱী আৰু সুপ্ৰভা দেৱীক আকাশ উপ সমিতিৰ তৰফৰপৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
সভাত সাহিত্যসেৱী পাৰুল দেৱী গোস্বামী, শেৱালি কাকতী, প্ৰণীতা হালৈ, মৃদুস্মিতা বৰুৱা মেধি, খদেজা বেগম, ৰুণুমী দেৱী গোস্বামী, নিৰুপমা হালৈ, ডঃ উপমা বৰ্মন ডেকা, দীপালি দাস, চুনুমা বৈশ্যই গীত পৰিৱেশন কৰাৰ লগতে আৰতি মিশ্ৰ, বনশ্ৰী চৌধুৰী আৰু নিৱেদিতা ডিম্পলে কবিতা পাঠ কৰাৰ উপৰি কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ বৈজয়ন্তী ভট্টাচাৰ্যই অনুষ্ঠানটিৰ বিষয়ে হোৱা অনুভৱ ব্যক্ত কৰি শলাগ জ্ঞাপন কৰে ।