নলবাৰীৰ উপাসনালৈ আন্তৰাষ্ট্ৰীয় সন্মান…

নলবাৰীৰ উপাসনালৈ আন্তৰাষ্ট্ৰীয় সন্মান…

ডিজিটেল সংবাদ, নলবাৰীঃ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী তথা নলবাৰী বালিকৰিয়া নিবাসী অলকেশ শৰ্মা আছে কুইন দেৱীৰ কন্যা উপাসনা শৰ্মালৈ হোপ ইণ্টাৰনেচনেল ৱৰ্ল্ড ৰেকৰ্ডৰ তৰফৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে উপাসনা শৰ্মাই যোৱা এবছৰৰ ভিতৰত সৰ্বাধিক অনলাইন দবা টুৰ্নামেণ্ট খেলি প্ৰথমে অসম বুক অফ ৰেকৰ্ডত তাৰ পিচত ক্ৰমে ইণ্ডিয়ান বুক অব্ ৰেকৰ্ড আৰু কেইবাটাও ইণ্টাৰনেচনেল বুক অব্ ৰেকৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ বাবে এইবাৰ গণৰাজ্য দিৱসত নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা মানপত্ৰ আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছে।এইবোৰ ৰেকৰ্ড কৰিবলৈ সক্ষম হোৱাত হোপ ইণ্টাৰনেচনেল ৱৰ্ল্ড ৰেকৰ্ডৰ তৰফৰ পৰা উপাসনা শৰ্মালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছে ।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in