নলবাৰীত আৰক্ষীৰ অভিযানঃ জব্দ ১ কোটি টকাৰ চুৰি সোণ-ৰূপৰ অলংকাৰ

শুৱালকুছি আৰু দদৰা আৰক্ষীৰ যৌথ অভিযানত জব্দ বহু সোণ আৰু ৰূপৰ চুৰি কৰা আ-অলংকাৰ। নলবাৰীৰ শনিৰোড চ'কৰ "মা আনোৱাৰা জুৱেলাৰী আৰু হাজোৰ বুল্লুট চ'কৰ "মামা ভাগিন জুয়েলাৰ্ছ"ত জব্দ হৈছে চুৰি আ-অলংকাৰসমূহ। 

author-image
Asomiya Pratidin
New Update
NALBARIIAIIAIIA

ডিজিটেল সংবাদ, নলবাৰীঃ শুৱালকুছি আৰু দদৰা আৰক্ষীৰ যৌথ অভিযানত জব্দ বহু সোণ আৰু ৰূপৰ চুৰি কৰা আ-অলংকাৰ। নলবাৰীৰ শনিৰোড চ'কৰ "মা আনোৱাৰা জুৱেলাৰী আৰু হাজোৰ বুল্লুট চ'কৰ "মামা ভাগিন জুয়েলাৰ্ছ"ত জব্দ হৈছে চুৰি আ-অলংকাৰসমূহ। 

আৰক্ষীয়ে অভিযান চলাই লগতে জব্দ কৰে কেইবা লাখ টকা নগদ ধন। দুটাকৈ চোৰক লগত লৈ আৰক্ষীয়ে চলাইছিল এই অভিযান। ২৫ জানুৱাৰীত দদৰা আৰক্ষীয়ে আটক কৰিছিল পাঁচটা কৈ দুৰ্ধৰ্ষ চোৰক। 

ধৃত চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে আজি দুই স্থানত অভিযান চলাই জব্দ কৰে প্ৰায় ১ কোটি টকা মূল্যৰ সোণ-ৰূপৰ আ-অলংকাৰ। দুয়োখন বিপনীতে অভিযান চলাই আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে চাৰিজনকৈ লোকক

নলবাৰী