নলবাৰীত জুবিন গাৰ্গৰ স্মৃতিত "মই নথকাৰ অনুভৱ" কবিতা পুথি উন্মোচন

অনুষ্ঠানৰ আৰম্ভণিতে নমাটি সাহিত্য সংস্কৃতি সমিতিৰ সভাপতি আদ্যৰাণী মজুমদাৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই শ্ৰদ্ধা জ্ঞাপনেৰে পৰিৱেশ শুভময় কৰি তোলে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ নমাটি সাহিত্য সংস্কৃতি সমিতিৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰমা আঞ্চলিক শাখা নামঘৰত জুবিন গাৰ্গৰ স্মৃতিত অৰ্চনা ঠাকুৰীয়া সম্পাদিত ‘মই নথকাৰ অনুভৱ’কবিতা পুথি এখন আৰু অৰ্চনা ঠাকুৰীয়া ৰচিত ‘শ্বায়েৰী তুমি বহু যুগৰ...’ নামৰ পুথি এখন উন্মোচন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে নমাটি সাহিত্য সংস্কৃতি সমিতিৰ সভাপতি আদ্যৰাণী মজুমদাৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি জ্বলাই শ্ৰদ্ধা জ্ঞাপনেৰে পৰিৱেশ শুভময় কৰি তোলে।

ইয়াৰ পাছতে এই উপলক্ষে আয়োজিত সভাখনত পৌৰোহিত্য কৰে নমাটি সাহিত্য সংস্কৃতি সমিতিৰ সভাপতি আদ্যৰাণী মজুমদাৰে। সম্পাদক অৰ্চনা ঠাকুৰীয়া আৰু শিক্ষয়িত্ৰী হীৰামণি হালৈয়ে অনুষ্ঠানটোৰ আঁত ধৰি পৰিচালনা কৰে। অৰ্চনা ঠাকুৰীয়া সম্পাদিত ‘মই নথকাৰ অনুভৱ’কবিতা পুথিখন উন্মোচন কৰে নলবাৰী জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ডঃ কমলা ডেকাই। ভাষণ প্ৰসংগত তেওঁ গ্ৰন্থ উন্মোচনী অনুষ্ঠান একোটা অতি ভাল অনুষ্ঠান বুলি উল্লেখ কৰি অনে অনুষ্ঠানৰ প্ৰতি সকলোকে আগ্ৰহী হ’বলৈ আহ্বান জনায়। ইপিনে অৰ্চনা ঠাকুৰীয়া ৰচিত ‘শ্বায়েৰী তুমি বহু যুগৰ...’ পুথিখন উন্মোচন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আই মাতৃ সমিতিৰ বিষয়ববীয়া দীপালি পাঠকে ইতিবাচক তথা প্ৰাসংগিক ভাষণ প্ৰদান কৰে। 

WhatsApp Image 2026-01-04 at 3.05.46 PM

অনুষ্ঠানত অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠক বঁটা প্ৰাপক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱাই বিশিষ্ট নিমন্ত্ৰিত ব্যক্তি হিচাপে ভাগ লৈ দিয়া ভাষণত কয় যে সৃষ্টিশীল লেখাৰ ভিতৰত কাব্য হৈছে স্বতঃস্ফুতভাৱে প্ৰকাশিত কলা। এই কলাৰ সৃষ্টি নিৰ্ভৰ কৰে পৰিৱেশৰ ওপৰত। স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ হোৱা কাব্য কলাই যুগে যুগে মানুহৰ মন মগজুক আকৰ্ষণ কৰি আহিছে। অৱশ্যে কবিতা মনৰ ভাব স্বতঃস্ফুত প্ৰকাশৰ মাধ্যম হ’লেও কবিতা লিখা সহজ নহয় বুলিও তেওঁ মন্তব্য কৰে। অনুষ্ঠানত টিহু সাহিত্য সভাৰ সম্পাদক নিতু শৰ্মায়ো ভাষণ প্ৰদান কৰে। দীপাঞ্জলি পাঠক, নিৰুপমা হালৈ, স্মৃতিৰেখা সোণোৱাল, মীনা তালুকদাৰ, ৰিংকুমণি কাকতি, বীণা মজুমদাৰ, মুকুল ঠাকুৰীয়া, হীৰামণি হালৈ, মানিক বৰ্মন, অৰ্চনা ঠাকুৰীয়া আদিয়ে গীত আৰু কবিতা পৰিৱেশন কৰি অনুষ্ঠানৰ পৰিৱেশ প্ৰাণৱন্ত কৰি তোলে। অনুষ্ঠানত নমাটি সাহিত্য সংস্কৃতি সমিতিৰ উদ্যোগত ইতিমধ্যে আয়োজিত গ্ৰন্থ প্ৰতিযোগিতাৰ বঁটাবোৰো প্ৰদান কৰা হয়। সভাত উপস্থিত লোকসকলৰ দ্বাৰা জুবিন গাৰ্গৰ ‘মায়াবিনী ৰাতিৰ বুকুত...’ গীতটি গোৱাৰ পাছত সভাৰ সামৰণি পৰে। 

WhatsApp Image 2026-01-04 at 3.10.26 PM

নলবাৰী