/asomiyapratidin/media/media_files/2025/08/31/jujjj-2025-08-31-12-10-14.jpg)
ডিজিটেল ডেস্কঃ ৰাজহ চক্ৰ বিষয়াসকলৰ বাবে এটা দুঃখবৰ। আগষ্ট মাহৰ দৰমহা নাপাব বহু সংখ্যক ৰাজহ চক্ৰ বিষয়াই। নলবাৰী জিলাৰ বিভিন্ন ৰাজহচক্ৰ বিষয়াসকলৰ দৰমহা বন্ধ কৰিবলৈ খোদ নলবাৰী জিলা আয়ুক্তই পত্ৰ লিখিলে নলবাৰী জিলাৰ কোষাগাৰ বিষয়ালৈ।
৩০আগষ্ট, ২০২৫ত নিৰ্দেশনা নং PER-42/81/225-EST-NLBৰ যোগে এই নিৰ্দেশনা জাৰি কৰিছে নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে। আয়ুক্ত গৰাকীয়ে এই নিৰ্দেশনাত উল্লেখ কৰিছে যে, জিলাখনত থকা বহু ৰাজহ চক্ৰ বিষয়াই যাৱতীয় বহু কাম নকৰাকৈ পেলাই থৈছে।
আ টি পি এছ পিটিশ্যন, বিভিন্ন আবেদন আৰু নিষ্পত্তিৰ কাম সময়মতে নকৰাৰ বাবেই এই জিলাখনৰ কৰ্মৰত ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন ৰাজহ চক্ৰ বিষয়াসকলৰ আগষ্ট মাহৰ দৰমহা বন্ধ কৰা নিৰ্দেশ দিছে আয়ুক্ত পাটোৱাৰীয়ে।