/asomiyapratidin/media/media_files/2026/02/01/new-ap-web-2026-02-01-20-59-11.jpeg)
ডিজিটেল ডেস্কঃ হৰিনামেৰে মুখৰিত নলবাৰীৰ বৰজাৰৰ শংকৰদেৱ মাধৱদেৱ সমন্বয় ক্ষেত্ৰ। নলবাৰীৰ বৰজাৰত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৪৮ সংখ্যক নলবাৰী জিলা অধিৱেশনত লোকে লোকাৰণ্য হৈ পৰিল শংকৰদেৱে-মাধৱদেৱ সমন্বয় ক্ষেত্ৰ ৷ আজি অন্তিমটো দিনত দিঘলীয়া ধৰ্মীয় শোভাযাত্ৰাৰে মুখৰিত হৈ পৰিল সমগ্ৰ অঞ্চল।
/asomiyapratidin/media/post_attachments/f4d28f09-c8f.png)
হিন্দু -মুছলমান সকলোৱে একেলগ হৈ অংশগ্ৰহণ কৰে ধৰ্মীয় ভাগৱত শোভাযাত্ৰাত। ধৰ্মীয় ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিভিন্ন কৃষ্টি সংস্কৃতিক দলে।অসমৰ ধৰ্মীয় আকাশৰ উজ্জ্বল জ্যোতিষ্ক জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ ধৰ্ম, দর্শন আৰু সংস্কৃতিৰ ধ্বজাবাহী, গুৰুজনাৰ পৱিত্ৰ নামেৰে সু-প্রতিষ্ঠিত, অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘৰ জিলা অধিৱেশনৰ বাবে হৰিনামত মুখৰিত হৈ পৰিল বৰজাৰ। অধিৱেশনস্থলীত নাম-কীৰ্তন, ভাগৱত পাঠ, গীত-নাট, বৰগীত আয়োজনৰ জৰিয়তে গুৰুজনাৰ জীৱন দৰ্শন জনসাধাৰণৰ মাজত পুনৰ সজীৱ কৰি তোলা হৈছে। ইপিনে শোভাযাত্ৰাৰ পাছতে মুকলি সভা অনুষ্ঠিত হয় শংকৰদেৱ মাধৱদেৱ সমন্বয় ক্ষেত্ৰ বৰজাৰত।
/asomiyapratidin/media/post_attachments/f4c84470-9ac.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us