/asomiyapratidin/media/media_files/2025/12/29/1-2025-12-29-10-28-54.jpg)
ডিজিটেল ডেস্কঃ নাহৰকটীয়াৰ জেষ্ঠ সাংবাদিক আব্দুল ৰাজ্জাকলৈ আগবঢ়োৱা হৈছে শ্বহীদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতা বঁটা। অহা ৩ জানুৱাৰীত তিনিচুকীয়াত অনুষ্ঠিত হ'ব লগা আপকুৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনত সাংবাদিকগৰাকীক প্ৰদান কৰিব এই বঁটা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/5c84b147-0075-409a-9ceb-d492136f6b97-2025-12-29-10-26-03.jpeg)
উল্লেখ্য যে, শনিবাৰে আপকুৰ কেন্দ্ৰীয় সমিতিৰ জুৰি বৰ্ডে এই বঁটাৰ বাবে নিৰ্বাচিত কৰে সাংবাদিকগৰাকীক। ২০০৮ চনৰ পৰা সংবাদক্ষেত্ৰৰ লগত জড়িত সাংবাদিক আব্দুল ৰাজ্জাকে আজিৰ অসম,দৈনিক জনসাধাৰণ,অসমীয়া খবৰ,এনই টিভি,আসাম টকছ,ডিৱাই ৩৬৫ কে ধৰি অসমৰ বিভিন্ন বাতৰিকাকত আৰু বৈদ্যুতিন মাধ্যমত সেৱা আগবঢ়াই আহিছিল। শেহতীয়াকৈ ডিৱাই৩৬৫ আৰু অসমীয়া খবৰ কাকতত নাহৰকটীয়াৰ পৰা সংবাদ সেৱা আগবঢ়াই আছে জেষ্ঠ সাংবাদিকগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us