/asomiyapratidin/media/media_files/2026/01/25/whatsapp-imag-2026-01-25-23-32-00.jpeg)
ডিজিটেল ডেস্কঃ নাহৰকটীয়াত প্ৰণামো মাতৃভাষাৰ উদ্যোগত মাতৃভাষা সজাগতা সভা অনুষ্ঠিত হয় ৷ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি অভিজিৎ সিংহৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত আদৰণি ভাষণ আগবঢ়ায় নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড°জ্যোতিপ্ৰসাদ কোঁৱৰে ৷ পাঁচ শতাধিক মাতৃভাষা প্ৰেমীৰ উপস্থিতিত আয়োজিত সভাখনিত "প্ৰণামো মাতৃভাষা"ৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে ব্যক্ত কৰে বিশিষ্ট লেখক তথা প্ৰণামো মাতৃভাষাৰ সম্পাদক ড° অভিজিৎ শৰ্মা বৰুৱাই অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বক্তব্য উত্থাপন কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/whatsapp-image-2-2026-01-25-23-30-00.jpeg)
উল্লেখ্য যে, তেখেতে মন্তব্য প্ৰদান কৰি কয় যে, সমাজত মাতৃভাষাৰ মাধ্যমক বাদ দি বাকী মাধ্যমৰ প্ৰতি যি অনুৰাগ গঢ় লৈছে, সেয়া এক অন্ধ বিশ্বাস ৷ পৃথিৱীৰ কোনো অধ্যয়নে প্ৰমাণ কৰা নাই যে, মাতৃভাষাক বাদ দি আন মাধ্যমত পঢ়িলে ভালকৈ শিক্ষা গ্ৰহণ কৰিব পাৰে ৷ ডিব্ৰুগড় জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক জোনটি বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিশিষ্ট নাট্যশিল্পী অসীমকৃষ্ণ বৰুৱাই নিজৰ ভাষণত কয় যে, মাতৃভাষাত অধ্যয়ন কৰিলেহে এগৰাকী শিক্ষাৰ্থীয়ে মূল্যবোধসম্পন্ন জীৱন গঢ় দিব পাৰে ৷ সভাত অংশগ্ৰহণ কৰি অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডা° নাৰায়ণ শৰ্মাই মন্তব্য কৰা পৰিলক্ষিত হয়। তেওঁ উল্লেখ কৰে যে, মাতৃভাষা মাধ্যমেই হৈছে শিক্ষাৰ সবাতোকৈ বিজ্ঞানসন্মত মাধ্যম ৷ তেখেতে তথ্যসহ প্ৰমাণ ডাঙি ধৰে যে, মাতৃভাষাৰ মাধ্যমেই জ্ঞান আহৰণৰ সবাতোকৈ উপযুক্ত মাধ্যম ৷ এই সভাত উপস্থিত থাকি অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/whatsapp-image-2026-01-25-23-30-23.jpeg)
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° সত্যকাম বৰঠাকুৰে সভাত উপস্থিত থাকি সকলোকে নিজৰ মাতৃভাষাক লৈ গৌৰৱ কৰিবলৈ আহ্বান জনায় আৰু মাতৃভাষা শিক্ষাদানৰ ব্যৱস্থাক শক্তিশালী কৰি এক শক্তিশালী প্ৰজন্ম গঢ়িবৰ বাবে আহ্বান জনায় ৷ ইপিনে অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে সভাত উপস্থিত থাকি কয় যে, মাতৃভাষা মাধ্যমত অধ্যয়ন কৰাসকলেহে ভৱিষ্যতে আমাৰ পৰিচয় ধৰি ৰাখিব ৷ সভাত অংশগ্ৰহণ কৰি অধিবক্তা চেনিৰাম বৰা, বিশিষ্ট লেখক ড° অজিৎ শইকীয়া আৰু শিক্ষাবিদ মুকুল বৰকটকীয়ে প্ৰণামো মাতৃভাষাৰ প্ৰয়াসৰ সৈতে সহমত পোষণ কৰে ৷ এই সভাতে সভাসদসকলক উদ্দেশ্য কৰি ভিডিও যোগে য়ুনিভাৰ্চিটি কলেজ লণ্ডনৰ গৱেষক প্ৰীতিশ কাকতি, ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰ গৱেষক অয়ন শৰ্মা আৰু অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ ছাত্ৰী অনন্যা মেধিয়ে মাতৃভাষাত শিক্ষাগ্ৰহণ কৰি নিজে লাভ কৰা অভিজ্ঞতা আৰু সুবিধাৰ কথা ব্যক্ত কৰে ৷ লগতে তেওঁলোকে সকলোকে মাতৃভাষাৰ মাধ্যম শক্তিশালী কৰিবৰ বাবে আহ্বান জনায় ৷ জাতীয় বিদ্যালয় শিক্ষা সংসদৰ জিলা সমন্বয়ৰক্ষী ড° স্বপন চুতীয়াই সকলোকে এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/25/whatsapp-image-2-2026-01-25-23-30-54.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us