নিজম পৰিল নাহৰকটীয়া ৰাঙলী পথাৰৰ বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ…

নিজম পৰিল নাহৰকটীয়া ৰাঙলী পথাৰৰ বাগ্মীবৰ ককা নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ…

ডিজিটেল সংবাদ, নামৰূপঃ যোৱা ২৫ ফেব্ৰুৱাৰীৰ পৰা  লাখ লাখ ভকতে হৰি নামৰ ধ্বনিৰে তৃতীয় বৈকুণ্ঠলৈ পৰ্যবেশিত কৰা ৯১ সংখ্যক  শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ  নাহৰকটিয়া ৰাঙলী পথাৰ বাগ্মীবৰ ককা নীলমণি  ফুকন সমন্বয় ক্ষেত্ৰ  আজিৰে পৰা  নিজম পৰিল।  কালি নিশা ৬.৩০ বজাত  অধিবেশন থলীত  আনুষ্ঠানিক ভাৱে ধৰ্মধ্বজা সম্বৰণ কৰাৰ পিছত আজি পুৱা আঠ বজাত  সংঘৰ পতাকা খন  প্ৰায় ডেৰ শ খন গাড়ীৰে   শোভাযাত্ৰা কৰি  পৰৱৰ্তী অধিবেশন থলী   জোনাইলৈ  লৈ যায়  ভকত সকলে। 

এই কথা জানিবলৈ দি শ্ৰী মন্ত শংকৰদেব সংঘ  পদাধিকাৰ কমলা কান্ত  গগৈ য়ে কয় যে তেওঁৰ গৃহ জিলাত  আয়োজন কৰা এই তিনি দিৱশীয় অধিৱেশন খনি এশ শতাংশ সফল হৈছে। তেওঁ এই বিশাল কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত সহায় অৰিহনা আগবঢ়োৱা প্ৰতি গৰাকী অনুৰাগীক  সংবাদ মাধ্যমৰ যোগেদি ধন্যবাদ জনায়।  বিশেষকৈ  সংবাদ মাধ্যমৰ পদক্ষেপক শলাগ লয়  পদাধিকাৰ গৰাকীয়ে ।  

তেওঁ কয় যে  নাহৰকটিয়াত অধিবেশনখন   অনুষ্ঠিত হোৱাৰ ফলত নাহৰকটিয়াৰ প্ৰকৃতি শুদ্ধি হল, প্রান সুধি হ'ল।   কিন্তু সবাতোকৈ ডাঙৰ কথা টো হল ডিব্ৰুগড় বিশ্ব বিদ্যালয়ত  শ্ৰী মন্ত শংকৰদেৱৰ আসন   সংৰক্ষিত হ'ল , যিটো কাম অসমত  কেতিয়াবাই হব লাগিছিল। তেওঁ কয় যে প্ৰয়াত মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ  প্ৰচেষ্টাত  সেই সময়ত  পঞ্জাৱ  বিশ্ববিদ্যালয়ত  শ্ৰী মন্ত  শংকৰদেৱৰ আসন  সংৰক্ষিত হৈছিল।

আনহাতে  নাহৰকটিয়া মহাবিদ্যালয়ত  শ্ৰী মন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয়ৰৰ অন্তৰ্গত  শংকৰদেৱ বিষয়টো অন্তৰ্ভুক্ত কৰা হল।  গুৰু  জনাৰ অপূৰ্ব সৃষ্টি ৰাজি , নীতি আদৰ্শ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্যৰে ১৯৩০ চনতে নগাঁৱত জন্ম লাভ কৰা শ্ৰী মন্ত শংকৰদেৱ সংঘ দেৱ   শংকৰদেৱৰ  শেহতীয়া ভাবে প্ৰথমিকৰ সংখ্যা বৃদ্ধি হয় বৰ্তমান ভকতৰ সংখ্যা ষাঠি লাখ অতিক্ৰম কৰিলে।

পদাধিকাৰ গৰাকীয়ে কয় যে    অধিবেশনৰ মুকলি সভাত  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰী মন্ত  শংকৰদেৱৰ বিশ্ব বিদ্যালয়লৈ  শিক্ষক কৰ্মচাৰীৰ দা দৰমহাৰ বাবদ বছৰি ছয় কোটি অনুদান দিয়া ঘোষণাই  বিশ্ববিদ্যালয় খনিৰ শৈক্ষিক উন্নয়নত অধিক মাত্ৰা প্ৰদান কৰিলে ।

লগতে অধিবেশন অনুষ্ঠিত কৰা স্থানত  এটা  নামঘৰৰ  নিৰ্মাণ কৰিবলৈ এক কোটি টকা প্ৰদানৰ  ঘোষণাই  সকলোকে উপকৃত কৰিলে । এইবাৰ অধিবেশনত বিশ লাখ  ভকত সমবেত হৈছিল বুলি উল্লেখ কৰি পদাধিকাৰ গৰাকীয়ে কয় যে অহা জোনাই অধিবেশনতে  নিৰ্বাচিত  হব  লগীয়া পদাধিকাৰ গৰাকীক দায়িত্ব অৰ্পণ কৰিব বুলি পদাধিকাৰ কমলা কান্ত গগৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in