/asomiyapratidin/media/media_files/2025/11/14/adddddd-2025-11-14-10-14-27.jpg)
ডিজিটেল ডেস্কঃ বিহাৰ নিৰ্বাচনৰ ফলাফলৰ সমান্তৰালভাৱে আজি দেশৰ ৬ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ৮ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব। যোৱা ১১নৱেম্বৰত অনুষ্ঠিত হৈছিল এই ৮ সমষ্টিত উপ নিৰ্বাচন।
উপ নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্যকেইখন আছিল জন্মু-কাশ্মীৰ, ৰাজস্থান, ঝাৰখণ্ড, তেলেংগানা, পাঞ্জাৱস মিজোৰাম আৰু ওড়িশা। ভিন্ন কাৰনত এই ৮টা সমষ্টিত পুনৰ অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া।
মিজোৰামৰ ডাম্পা সমষ্টি, ৰাজস্থানৰ আন্টা সমষ্টি, ওড়িশাৰ নুৱাপাড়া সমষ্টি, জম্মু-কাশ্মীৰৰ নগৰৌতা, বডগাম সমষ্টি, ঝাৰখণ্ডৰ ঘাটশিলা সমষ্টি, পাঞ্জাৱৰ তৰণতাৰণ সমষ্টি, তেলেংগানাৰ জুবলী হিলছ সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ ফলাফলো আজি ঘোষণা কৰা হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us