/asomiyapratidin/media/media_files/2025/08/11/haiu-s-2025-08-11-12-25-39.jpg)
ডিজিটেল ডেস্কঃ হায় মানৱতা! ঘটনাৰ বিৱৰণ শুনিলে আপুনিও ক'ব যে, এই পৃথিৱীত সচাঁকৈয়ে ক্ৰমান্বয়ে হেৰাই গৈছে মানৱতা। বাইকেৰে গৈ থকা এহাল দম্পত্তি দুৰ্ঘটনাত পতিত হোৱাৰ পাছত গুৰুতৰভাৱে আহত হৈছিল পত্নী। পত্নীক হস্পাতাললৈ নিবলৈ পথৰে গৈ থকা মানুহৰ পৰা সহায় বিচাৰিছিল স্বামীয়ে। কিন্তু কোনেও লোক গৰাকীক সহায় নকৰিলে। অৱশেষত দুৰ্ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই পত্নীয়ে।
উপায়ন্তৰ হৈ অৱশেষত বাইকৰ পিছফালে পত্নীৰ মৃতদেহ বান্ধি ঘৰমুৱা হ'ল লোকগৰাকী। ঘটনাতো সংঘটিত হৈছিল যোৱা ১০আগষ্টত। নাগপুৰ-জবলপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই দুৰ্ঘটনাতো। অমিত যাদৱল আৰু তেওঁৰ পত্নী গায়ত্ৰী যাদৱ উক্ত পথেৰে গৈ থাকোতেই সংঘটিত হৈছিল এই দুৰ্ঘটনাতো।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত উক্ত পথেৰে যোৱা প্ৰতিখন গাড়ীৰ পৰা সহায় বিচাৰিছিল স্বামী যাদৱে। কিন্তু কোনেও সহায় নকৰিলে যাদৱক। অৱশেষত ঘটনাস্থলীতে মৃত্যুক সাৱটি লোৱা পত্নীক বাইকৰ পিছফালে বান্ধি মধ্য প্ৰদেশৰ ঘৰলৈ লৈ গ'ল যাদৱে।