/asomiyapratidin/media/media_files/2025/11/18/ap-web-nagaon-2025-11-18-16-37-16.jpg)
ডিডিটেল সংবাদ, নগাওঁঃ আজি জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উদযাপন। জুবিন বিহীন প্ৰথমটো জন্মদিন উদযাপন কৰিলে অসমবাসীয়ে। সমগ্ৰ অসমৰ লগতে নগাঁৱৰ ৰাঙলুৰ গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধাশ্ৰমতো এক ব্যতিক্ৰমী চিন্তাৰে আয়োজন কৰিলে জুবিন গাৰ্গৰ জন্মদিন ।বৃদ্ধাশ্ৰমৰ বৃদ্ধ আৱাসী সকলৰ মাজত দিনযোৰা কাৰ্যসূচীৰে অসমীয়াৰ হিয়াৰ আমঠু শিল্পী গৰাকীৰ প্ৰথমটো জন্মদিন উদযাপন কৰে।
উল্লেখ্য যে এই সম্পৰ্কত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সাংবাদিক মুক্তিকাম লস্কৰ লগতে বৃদ্ধাশ্ৰম খনৰ আৱাসী ককা আইতা সকলে।ইয়াৰ পিছতে নাহৰ গছৰ পুলি ৰোপন কৰাও পৰিলক্ষিত হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৰত চন্দ্ৰ ভট্ৰাচাৰ্যই।
তাৰোপৰি কাৰ্যসূচীৰ অংশ হিচাবে ককা আইতাৰ লগতে এশ গৰাকী ব্যক্তিক জুবিন গাৰ্গৰ স্বাক্ষৰ সম্বলিত ফটোগ্ৰাফ বিতৰণ কৰে।অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডাইনেষ্টি কনচাৰ্ট ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী তথা জুবিন গাৰ্গৰ বন্ধু জোন বৰা আৰু কণ্ঠশিল্পী জয়শ্ৰী অধিকাৰী।কাৰ্বি ব্লক পকাই গাওঁ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিৰূপম বৰাই সভাপতিত্ব কৰা স্মৃতিচাৰন অনুষ্ঠানটোত কণ্ঠশিল্পী জয়শ্ৰী অধিকাৰীয়ে জুবিনৰ কেইবাটাও গীত পৰিৱেশন কৰে।
ইপিনে অনুষ্ঠানটোত ৰাঙলু আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ফিৰদৌছ আহমেদ ;ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ অধ্যক্ষ আবুল কালাম ;সমাজকৰ্মী কৃষ্ণ দাসড০ এপি জে আব্দুল একাডেমীৰ প্ৰধান শিক্ষক গুলজাৰ হুছেইন আদিয়ে জুৱিন গাৰ্গৰ স্মৃতিচাৰন কৰে।অনুষ্ঠানৰ শেষত ড০ এপি জে আব্দুল একাডেমীৰ ছাত্ৰ -ছাত্ৰী সকলৰ লগতে ককা আইতা আৰক্ষী শিল্পী সকলোৱে একেলগে হৈ জুবিনৰ মায়াবিনী গীত পৰিৱেশন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us