নগাঁৱত সুশাসন সপ্তাহ উপলক্ষে জিলা পৰ্যায়ৰ কৰ্মশালা সম্পন্ন

কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে নগাঁও বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ড০ হিতেশ ডেকা উপস্থিত থাকি সু-শাসন সপ্তাহ,২০২৫ সম্পৰ্কে তথ্যসমৃদ্ধ আৰু মননশীল বক্তব্য আগবঢ়ায়। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-25 at 10.45.53 PM

ডিজিটেল ডেস্কঃ  নগাঁও জিলা প্ৰশাসনে সুশাসন সপ্তাহ,২০২৫ উদযাপনৰ সৈতে সংগতি ৰাখি এখন জিলা পৰ্যায়ৰ কৰ্মশালা সফলতাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সম্পন্ন কৰে। এই কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে নগাঁও বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ড০ হিতেশ ডেকা উপস্থিত থাকি সু-শাসন সপ্তাহ,২০২৫ সম্পৰ্কে তথ্যসমৃদ্ধ আৰু মননশীল বক্তব্য  আগবঢ়ায়। লগতে তেখেতে তৃণমূল পৰ্যায়ত সু-শাসন ব্যৱস্থাক সবল কৰা,স্বচ্ছতা নিশ্চিত কৰা আৰু উন্নত সেৱা প্ৰদান সু-নিশ্চিত কৰাৰ প্ৰয়াস কৰিবলৈ সকলোকে আহ্বান জনায়। 

WhatsApp Image 2025-12-25 at 10.44.32 PM

উক্ত কৰ্মশালাত চৰকাৰী সেৱাসমূহ অধিক স্বচ্ছ আৰু জনমুখী কৰি তোলাৰ ওপৰত আলোকপাত কৰা হয়। উপস্থিত বিশিষ্ট ব্যক্তিসকলে সমাজৰ প্ৰতিটো স্তৰলৈ সুশাসনৰ সুফলসমূহ কঢ়িয়াই নিয়াৰ লগতে প্ৰশাসনীয় কাম-কাজত অধিক গতিশীলতা অনাৰ ক্ষেত্ৰত নিজৰ বহুমূলীয়া মতামত আগবঢ়ায়। চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণ আৰু সাধাৰণ জনতাক কেনেকৈ দ্ৰুত সেৱা প্ৰদান কৰিব পাৰি, সেই সন্দৰ্ভতো অনুষ্ঠানটোত গভীৰভাৱে চৰ্চা কৰা হয়।

WhatsApp Image 2025-12-25 at 10.44.30 PM

উল্লেখ্য যে, নগাঁও জিলা প্ৰশাসনেও যোৱা ১৯ ডিচেম্বৰৰপৰা ২৫ ডিচেম্বৰলৈকে জিলাখনৰ প্ৰতিটো ৰাজহ চক্ৰ কাৰ্যালয় আৰু খণ্ড উন্নয়ন কাৰ্যালয়ত বিশেষ শিবিৰ আৰু অনুষ্ঠানৰ আয়োজন কৰি সু-শাসন সপ্তাহৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। কৰ্মশালাত জিলাৰ সহকাৰী আয়ুক্ত  শিল্পীৰেখা পণ্ডিতকে প্ৰমুখ্যে কৰি জিলা প্ৰশাসনৰ বিভিন্নবিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

WhatsApp Image 2025-12-25 at 10.44.36 PM

নগাওঁ