/asomiyapratidin/media/media_files/2026/01/15/1-2026-01-15-19-36-56.jpg)
ডিজিটেল ডেস্কঃ হাজাৰ বাধা থাকিলেও চোৰে নেৰে চুৰিবিদ্যা । এইবাৰ নগাঁৱৰ লাওখোৱা ৰোডত চোৰে চলালে চাফাই অভিযান। গৃহস্থ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি লুটি নিলে গহণা, নগদ ধনকে ধৰি বহু মূল্যৱান সামগ্ৰী।
/asomiyapratidin/media/post_attachments/5d43fb9f-0f5.png)
বাবুল কাকতি নামৰ এজনৰ ঘৰত এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। মাঘ বিহু উপলক্ষ্যে দক্ষিণপাটৰ গাঁৱৰ ঘৰত বিহু খাবলৈ গৈছিল পৰিয়ালটো। সেই সুযোগ গ্ৰহণ কৰি চোৰে চলালে লুটপাত। ইপিনে ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, নগাঁৱত দিনক দিনে বৃদ্ধি পাইছে চুৰি কাণ্ডৰ ঘটনা ৷ ইয়াক লৈ চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ।
/asomiyapratidin/media/post_attachments/66c78d61-f41.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us