আৰক্ষীৰ বাসগৃহত চোৰৰ চাফাই অভিযান

নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত সোমেশ্বৰ বৰা নামৰ লোকজনৰ ঘৰত এই চুৰিকাণ্ড সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল সংবাদ, নগাওঁঃ নগাঁৱৰ পুৰণিগুদাম বৰা চুকত চোৰৰ চাফাই অভিযান। চোৰে লুটিলে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ নগদ ধনৰ লগতে‌ বহু সামগ্ৰী।  নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত সোমেশ্বৰ বৰা নামৰ লোকজনৰ ঘৰত এই চুৰিকাণ্ড সংঘটিত হয় । 

দিন দুপৰতে ঘৰত কোনো নথকাৰ সুযোগতে দৰ্জা ভাঙি ঘৰত প্ৰৱেশ কৰি লুটপাত চলালে চোৰৰ দলে। ইপিনে সোমেশ্বৰ বৰাৰ পত্নীয়ে ঘৰত প্ৰৱেশ কৰাৰ সময়তে এই ঘটনাৰ বিষয়ে জানিব পাৰে । আনফালে ঘৰৰ তলা ভাঙি থকাৰ লগতে ঘৰ তহিলং কৰি থোৱা অৱস্থাত  প্ৰতক্ষ্য কৰি খবৰ দিয়ে আৰক্ষীক। 

পৰৱৰ্তী সময়ত ঘটনাস্থলীত পুৰণিগুদাম আৰু নগাঁও আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে। 

নগাওঁ