হেমচন্দ্ৰ বৰুৱাৰ চিন্তাৰ শলাগ লৈ বিজ্ঞান মনস্কতাৰ পৰিচয় দাঙি ধৰিছে এটা পৰিয়ালে

বিজ্ঞান মনস্কতাৰ এই ধাৰণাই ১৯ শতিকাতে হেমচন্দ্ৰ বৰুৱাৰ মন মগজুত বাহ লৈছিল।হেমচন্দ্ৰ বৰুৱাৰ এই চিন্তাৰ শলাগ লৈ ইলুৰা বিজ্ঞান মঞ্চই প্ৰতিবছৰে হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনটো বিজ্ঞানমনস্কতা দিৱস হিচাপে পালন কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-10 at 12.02.50 PM

ডিজিটেল ডেস্কঃ নগাঁৱৰ এটা বিশেষ পৰিয়াল। হেমচন্দ্ৰ বৰুৱাৰ চিন্তাৰ শলাগ লৈ বিজ্ঞান মনস্কতাৰ পৰিচয় দাঙি ধৰিছে এই পৰিয়াটোৱে। পৰিয়ালৰ আটাইকেইজন সদস্যয়ে মৃতদেহ দান কৰাৰ বাবে চুক্তিবদ্ধ।

১৮৩৫ চনৰ ১০ ডিচেম্বৰৰ দিনটোতে শিৱসাগৰত জন্মলাভ কৰিছিল অসমীয়া ভাষা আৰু জাতিক যাউতিযুগীয়া কৰি থৈ যোৱা হেমচন্দ্ৰ বৰুৱাই। সেই জনা হেমচন্দ্ৰ বৰুৱাই ইচ্ছা পত্ৰত লিখি থৈ গৈছিল যে, জীৱনশূন্য মৃত্যুদেহ এডোখৰ কাঠৰ নিচিনা, তাক যত্ন কৰি সৎকাৰ কৰাৰ কোনো প্ৰয়োজন নাই। 

বিজ্ঞান মনস্কতাৰ এই ধাৰণাই ১৯ শতিকাতে হেমচন্দ্ৰ বৰুৱাৰ মন মগজুত বাহ লৈছিল।হেমচন্দ্ৰ বৰুৱাৰ এই চিন্তাৰ শলাগ লৈ ইলুৰা বিজ্ঞান মঞ্চই প্ৰতিবছৰে হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনটো বিজ্ঞানমনস্কতা দিৱস হিচাপে পালন কৰি আহিছে।আজি এই বিশেষ দিনটোতে আমি আপোনালোকৰ সন্মুখত চিনাকি কৰাই কৰাইছো এই বিশেষ পৰিয়ালটোক। 

উল্লেখ্য যে, যিটো পৰিয়ালৰ আটাইকেইজন সদস্যয়ে মৃতদেহ দান কৰাৰ বাবে চুক্তিবদ্ধ হৈছে। এই পৰিয়ালটো নগাঁও জিলাৰ কাছমাৰীৰ শিমলুগুৰিৰ। আলোক খাটনিয়াৰ পত্নী পূৰ্ণিমা খাটনিয়াৰ পুত্ৰ কৃষ্ণ কিংকৰ খাটনিয়াৰ আৰু বোৱাৰী পল্লৱী খাটনিয়াৰে যোৱা ১৯ তাৰিখে নিজৰ শৰীৰৰ দান কৰি বিজ্ঞান মনস্কতাৰ পৰিচয় দাঙি ধৰিছে। 

নগাওঁ