জনস্বাস্থ্যৰ প্ৰতি ভাবুকি : ড'চাত ওলাল ৰছী

খাদ্য সুৰক্ষা বিভাগে যেন চকুমুদা কুলিৰ ভাও ধৰা পৰিলক্ষিত হৈছে। ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে ৰেষ্টুৰেন্টখনৰ বিৰুদ্ধে।

author-image
Asomiya Pratidin
New Update
1
ডিজিটেল ডেস্কঃ  নগাঁৱৰ অভিজাত ৰেষ্টুৰেন্টত সুস্বাদু খাদ্যৰ জুতি ল’বলৈ আহিছিল কেইজনমান যুৱক। তেওঁলোকে অফিচৰ কাম সামৰি ভাবিছিল ড'চা খাবোৱাৰ কথা। সেই কথামতেই কাম কৰিছিল যুৱককেইজনে। ৰেষ্টুৰেন্টখনত সোমাই অৰ্ডাৰ দিলে ড'চা। সময়ত ৱেইটাৰে ড'চা পৰিৱেশন কৰিলে যুৱক কেইজনক। 
কিন্তু সেই ড'চা খাবলৈ লৈ হতভম্ব হৈ পৰিল যুৱক কেইজন।কিয়নো যুৱক কেইজনক খাবলৈ দিয়া ড'চাত ওলাল কাৰিকৰৰ হাতত পিন্ধা পুৰণা ৰছী। 

WhatsApp Image 2026-01-11 at 12.34.00 PM

উল্লেখযোগ্য যে,নগাঁৱৰ এই ৰেষ্টুৰেন্টখন হৈছে জয়শ্ৰী হল চাৰিআলিৰ  'আদিত্য'।পিছে এই ৰেষ্টুৰেন্টখনৰ মালিকে এই কথা অৱগত হোৱাৰ পাছত মন্তব্য কৰা পৰিলক্ষিত হয়।ইপিনে জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে নগাঁৱৰ এই অভিজাত ৰেস্তোঁৰা খনে। খাদ্য সুৰক্ষা বিভাগ যেন চকুমুদা কুলিৰ ভাও ধৰা পৰিলক্ষিত হৈছে। ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে ৰেষ্টুৰেন্টখনৰ বিৰুদ্ধে।
নগাওঁ