নগাঁৱৰ বঢ়মপুৰত অনুষ্ঠিত ৰাস মহোৎসৱ

ৰাস ভাগত শ্ৰী কৃষ্ণৰ সুন্দৰ নৃত্য-ভোৱন বলুয়া হাঁহি,ময়ুৰৰ লয়লাস, ৰাধাৰ নৃত্য আৰু শঙ্খচূড়ৰ অভিনয়ে সকলোকে মোহিত কৰিলে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-05 at 3.20.36 PM

ডিজিটেল সংবাদ, নগাওঁঃ নগাঁৱৰ বঢ়মপুৰৰ বিৰহী গাৱঁৰ পতিয়াচুকত শুক্ৰবাৰে নিশা অনুষ্ঠিত হয় ৰাস মহোৎসৱ। এদিনীয়া কাৰ্যসূচীৰে পতিয়া চুকৰ ৰাইজ আৰু যুৱক-যুৱতী সকলৰ ব্যৱস্থাপনাত আয়োজিত ৰাস মহোৎসৱৰ প্ৰথম দিনা ঊষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন,ভাগৱত ভ্ৰমণ আৰু নাম প্ৰসংগ অনুষ্ঠিত হোৱাৰ পাছতেই নিশাৰ ভাগলৈ গুৰুজনাৰ কেলিগোপাল নাটৰ‌ আধাৰত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ অনুষ্ঠিত হয়।

সূৰ্যোদয় সাংস্কৃতিক গোষ্ঠী পৰিচালনাৰে অনুষ্ঠিত ৰাস মহোৎসৱে সকলোকে আপ্লুত কৰে। উক্ত ৰাস ভাগত শ্ৰী কৃষ্ণৰ সুন্দৰ নৃত্য-ভোৱন বলুয়া হাঁহি,ময়ুৰৰ লয়লাস, ৰাধাৰ নৃত্য আৰু শঙ্খচূড়ৰ অভিনয়ে সকলোকে মোহিত কৰিলে। 

উল্লেখ্য যে উক্ত ৰাস ভাগত ৰিম্পী শ‌ইকীয়াই  কৃষ্ণৰ ভাওত,জুম্পি চমুৱাই ৰাধাৰ ভাওত,শংখচুৰৰ ভাওত প্ৰিয়ংকা শ‌ইকীয়াই আৰু মনজিৎ শ‌ইকীয়াই পুতনাৰ ভাওত  অভিনয় কৰিছিল।

নগাওঁ