/asomiyapratidin/media/media_files/2025/11/28/3-2025-11-28-14-44-42.jpg)
ডিজিটেল সংবাদ, নগাওঁঃ নগাঁৱৰ বঢ়মপুৰৰ হালোৱা গাওঁ কলিতা চুকত বৃহস্পতিবাৰে নিশা অনুষ্ঠিত হয় ৰাস মহোৎসৱ। দুদিনীয়া কাৰ্যসূচীৰে কলিতা চুকৰ যুৱক-যুৱতী সকলৰ ব্যৱস্থাপনাত আয়োজিত এই ৰাস মহোৎসৱৰ প্ৰথম দিনটোত ঊষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, ভাগৱত ভ্ৰমণৰ লগতে নাম-প্ৰসংগ অনুষ্ঠিত হোৱাৰ পাছতেই বৃহস্পতিবাৰে নিশাৰ ভাগত গুৰুজনাৰ কেলিগোপাল নাটৰ আধাৰত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ অনুষ্ঠিত কৰা পৰিলক্ষিত হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/whatsapp-image-2025-11-28-14-42-05.jpeg)
উল্লেখ্য যে, পাঞ্চজন্য শিল্পী সমাজ সাংস্কৃতিক গোষ্ঠীৰ পৰিচালনাৰে অনুষ্ঠিত ৰাস মহোৎসৱে সকলোকে আপ্লুত কৰে। ইমানেই নহয় এই ৰাসত শ্ৰী কৃষ্ণৰ সুন্দৰ নৃত্য, ৰাধাৰ নৃত্য আৰু শঙ্খচুড়ৰ অভিনয়ে সকলোকে মোহিত কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/whatsapp-image-2025-11-28-14-42-31.jpeg)
প্ৰাণিধানযোগ্য যে ৰাসত নীলাঞ্জনা বেজবৰুৱাই কৃষ্ণৰ ভাওত, কৃষ্ণাক্ষী বৈৰাগীয়ে ৰাধাৰ ভাওত আৰু ৰঞ্জিতা বৰাই শঙ্খচুড়ৰ ভাওত অভিনয় কৰিছিল। ইপিনে ৰাসস্থলীত আজি নিশাৰ ভাগলৈ নগাঁও আৰু যোৰহাটৰ আমন্ত্ৰিত শ্যামসুন্দৰ শিল্পী সমাজৰ দ্বাৰা "বিপ্ৰ দামোদৰ দন্ত বক্ৰৰ মুক্তি লাভ" নামৰ ভাওনা প্ৰৰ্দশন কৰিব বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/28/whatsapp-image-2025-11-28-14-42-50.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us