/asomiyapratidin/media/media_files/2026/01/15/whatsapp-im-2026-01-15-20-06-59.jpeg)
ডিজিটেল ডেস্কঃ নগাঁৱত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংবাদমেল সমেবোধন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণক আদৰণি জনাই সংবাদমেল আয়োজন কৰি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰীক অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই। ইপিনে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ ডেকা আৰু সাধাৰণ সম্পাদক ৰাতুল কুমাৰ ৰাজবংশীয়ে সংবাদমেলত কয় যে, ২০১৪ চনত বঙাইগাঁৱত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপি চৰকাৰ আহিলে ছয় জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
/asomiyapratidin/media/post_attachments/f5ff45ec-5f7.png)
তদুপৰি ২০১৯ চনত বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যসভাত এই সন্দৰ্ভত এখন বিল উত্থাপন কৰিছিল। এই বিলখন পাছ কৰি কেতিয়াকৈ ছয় জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰিব বুলি ছাত্ৰ নেতা দুগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে সংবাদমেলত। কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালত ভাৰতৰ শতাধিক জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হৈছে। তেনেস্থলত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সম্পূৰ্ণ বৈশিষ্ট্য থকাৰ পাছতো জনজাতিকৰণ প্ৰদানৰ নামত বাৰে বাৰে প্ৰতাৰণা কৰি অহাটো কিমান গ্ৰহণযোগ্য বুলি প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে।
ছাত্ৰ নেতা দুগৰাকীয়ে কয় যে, আলফাৰ লগত হোৱা শান্তি আলোচনাৰ পাছত অসমত কোনো পৰিৱৰ্তন দেখা পোৱা নাই। কে এল অ'ৰ লগত হোৱা শান্তি আলোচনাৰ পাছত কোচ ৰাজবংশী সকলৰ কোনো সাংবিধানিক পৰিৱৰ্তন দেখা পোৱা নাই। অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰি অসম আৰু অসমীয়াক সুৰক্ষা প্ৰদান কৰা হোৱা নাই। সংবাদমেলত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আটাইকেইটা বিষয়ৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক তেওঁৰ অসম ভ্ৰমণৰ সময়ত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে।
/asomiyapratidin/media/post_attachments/15450367-5f0.png)
অন্যথা ছয় জনগোষ্ঠীৰ লোকসকলে ভাবিবলৈ বাধ্য হ'ব যে কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ স্বাৰ্থতেই বিজেপিয়ে ছয় জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। সন্থাই এই সন্দৰ্ভত অসমৰ ৰাইজক বিজেপি দল তথা চৰকাৰৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান জনাইছে। ২০২৬ ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ছয় জনগোষ্ঠীক জনজাতিৰ তালিকা ভুক্ত নকৰে তেন্তে নিৰ্বাচিত বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰৱল জনমত গঠন কৰাৰ লগতে নিৰ্বাচন বৰ্জন কৰিব বুলি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই সতৰ্ক কৰি দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us