/asomiyapratidin/media/media_files/2026/01/10/1-2026-01-10-16-12-14.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱৰ ৰাজীৱ ভৱনত নগাঁও জিলা কংগ্ৰেছ কমিটীৰ সংবাদমেল সম্বোধন। BGRAMG আঁচনিৰ বিৰোধিতা নগাঁও জিলা কংগ্ৰেছ কমিটীৰ। ইপিনে সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা পৰিলক্ষিত হয়।
উল্লেখযোগ্য় যে, ২০০৫ চনত কংগ্ৰেছ চৰকাৰে প্ৰৱৰ্তন কৰা মনৰেগা আঁচনি যি গাঁও অঞ্চলৰ শ্ৰমিক তথা মহিলাৰ কাৰণে এই আঁচনি প্ৰদান কৰা হৈছিল। সেই আঁচনিখন বিজেপি চৰকাৰে কেৱল মাত্ৰ মহাত্মা গান্ধীৰ নাম থকাৰ কাৰণে মনৰেগা নামটো আঁতৰাই বিজেপি চৰকাৰে যি VBGRAMG আঁচনি আনিছে তাৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/29f923b1-e68.png)
এই আঁচনিৰ জৰিয়তে গাঁও অঞ্চলৰ শ্ৰমিক তথা মহিলা শ্ৰমিকসকলক অধিকাৰ খৰ্ব কৰা হৈছে বুলিও উল্লেখ কৰে। লগতে কংগ্ৰেছ দলে শ্ৰমিক সকলৰ এই অধিকাৰ ৰক্ষাৰ সংগ্ৰাম আৰম্ভ কৰিছে। বিজেপি চৰকাৰে মনৰেগা আঁচনিৰ নাম সলাই VBGRAMG নামটো ৰাখি ক্ৰেডিট ল'ব বিচাৰিছে বুলিও এই সংবাদমেলত উল্লেখ কৰে। ইয়াৰ জৰিয়তে গাঁও অঞ্চলৰ জনমূৰি আয় হ্ৰাস হব আৰ্থিক অৱস্থা সংকট হ'ব বিজেপি চৰকাৰে তিলমানো বুজিবলৈ চেষ্টা কৰা নাই বুলি এই সংবাদমেলত আলোচনা কৰে।
/asomiyapratidin/media/post_attachments/9a20e168-a97.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us