/asomiyapratidin/media/media_files/2025/11/18/ap-web-1-6-2025-11-18-15-21-39.jpg)
জিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয়। নগাওঁ জিলাত কন্দলী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ তপত জুৰিতো ব্যতিক্ৰম পদক্ষেপেৰে উদযাপন কৰা হয় জুবিনৰ জন্মদিন ৷ প্ৰকৃতি আৰু বন্য প্ৰাণীক ভাল পাইছিল জুবিনে । সেয়ে হে তেওঁৰ জন্মদিনত সেয়েহে জুবিনৰ বন্য প্ৰকৃতি প্ৰেমক বিশেষভাৱে গুৰুত্ব দিয়া হয়।
যোৱা কেইবছৰমানৰ আগতে তপতজুৰিত প্ৰৱল বজ্ৰপাতত একেলগে ১৪ টাকৈ বন্যহস্তীৰ মৰ্মান্তিক মৃত্যুৰ ঘটনা সংঘটিত হৈছিল৷ তাৰে নিচেই কাষতে স্থানীয় কন্দলী যৌথ বনপৰিচালনা সমিতিৰ সহযোগত নগাঁৱৰ বহু কেইগৰাকী অৱসৰপ্ৰাপ্ত বনবিষয়া কৰ্মচাৰীৰ অতি আন্তৰিকতাপুৰ্ণ উদ্যোগত উদযাপিত জুবিনৰ জন্মদিনত ৰোপণ কৰা হয় কেইবাবিধো ফল-মূলৰ গছ।
ৰোপণ কৰা গছপুলি সমূহৰ ভিতৰত আছিল হাতীৰ প্ৰিয় ফল কুম্ভীৰসহ আম, জামুক, মধুৰিআম,কঠাল, মেহগনি আৰু পক্ষী কুলৰ খাদ্যৰ বাবে আহত, বটগছৰ পুলি আদি। এই গছপুলি ৰোপন কাৰ্যসূচীত অংশ লয় অৱসৰপ্ৰাপ্ত বনসংপালক মহেশ চন্দ্ৰ নাথ, দিলীপ চন্দ্ৰ বৈদ্য, মৰিকলং শাখাসাহিত্য সভাৰ প্ৰাক্তন সম্পাদিকা তথা বিশিষ্ট সমাজসেৱী মীনা বৰা, বিশিষ্ট লেখিকা কবি সমাজ সেৱিকা জয়ন্তী বৰা সমাজকৰ্মী শ্ৰী ভূপেন শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট লোকে ৷তাৰোপৰি কাৰ্যসূচীৰ আঁত ধৰে জয়ন্তী বৰাই।
উক্ত কাৰ্যসূচীত সহযোগ কৰিবলৈ অহাৰ সময়তে কঠিয়াতলি আঞ্চলিক বন বিষয়া গিৰিশ বৰাই হঠাতে খবৰ পাই বামুনি বৰবাৰী যাব লগা হয় ৷ কিয়নো উক্ত স্থানত বন্যহস্তীয়ে এজন লোকক আক্ৰমণ কৰে৷ আহত ব্যক্তিজনক ততাতৈয়াকৈ বন-বিষয়া গৰাকীয়ে নগাঁৱৰ চিকিৎসালয় প্ৰেৰণ কৰাত ব্যস্ত হৈ পৰে৷ ইফালে বৃক্ষৰোপন থলীতে কন্দলী যৌথ বন পৰিচালনা সমিতিৰ সভাপতি চেনীৰাম শইকীয়া, বনৰক্ষী পুলক দাস আৰু বনকৰ্মী দ্বীপক বৰাক উৎকৃষ্ট বনসেৱাৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয়৷
উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে জুবিনৰ জন্মদিনৰ দিনা শুভাৰম্ভ কৰা এই বৃক্ষ ৰোপণৰ কাৰ্যসূচী বছৰজুৰি চলি থাকিব । জুবিনৰ প্ৰকৃতি প্ৰেমক প্ৰসাৰিত ৰূপত যাতে প্ৰতিষ্ঠা কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁলোকে জানিবলৈ দিয়ে। যি সময়ত জুবিনৰ নামত নাহৰ পুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছে সেই সময়ত বন্য প্ৰাণী আৰু প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই পৃথক পদক্ষেপে এক অৰ্থবহ বাৰ্তা প্ৰেৰণ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us