/asomiyapratidin/media/media_files/2026/01/29/1-2026-01-29-16-38-16.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব সদৌ অসম গাঁও পঞ্চায়ত সচিব সন্থাৰ ১৬ সংখ্যাক দ্বি -বাৰ্ষিক সাধাৰণ সভা। নগাঁও নাট্য মন্দিৰত প্ৰতিনিধি সভা আৰু নেহেৰুবালিত মুকলি সভা অনুষ্ঠিত হ'ব। ৩০ জানুৱাৰীৰ পুৱা নগাঁও নাট্য মন্দিৰত সদৌ অসম গাঁও পঞ্চায়ত সচিব সন্থাৰ সভাপতি ইমতিয়াজ ইছলামে পতাকা উত্তোলন কৰি মুকলি সভাৰ শুভাৰম্ভ কৰা পাছতে সন্থাৰ সম্পাদক দীপক কুমাৰ হাজৰিকাই শ্বহীদ তৰ্পণ, অভ্যৰ্থনা সমিতিৰ সভাপতি গৌৰী শংকৰ বৰাই প্ৰতিনিধি শিবিৰ মুকলি কৰিব। ইপিনে বিয়লি পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/post_attachments/0fabf2e5-73a.png)
ইয়াৰ পাছতে বিষয় বাচনি সভা আৰু নৈশ ভোজনেৰে প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি পৰিব। উল্লেখ্য যে, দ্বিতীয় দিনা নেহেৰুবালিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বন্তি প্ৰজ্বলন কৰিব। ইয়াৰ পাছতে প্ৰয়াত গাঁও পঞ্চায়ত সচিব সকলৰ শ্ৰদ্ধাঞ্জলি তৰ্পন কৰিব জিলা কাৰ্যবাহী বিষয়া মনোজ চিকাৰীয়াই। বিয়লি অনুষ্ঠিত মুকলি সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কেইবাজনো সাংসদ আৰু স্থানীয় বিধায়ক উপস্থিত থাকিব বুলি সভাপতি গৌৰী শংকৰ বৰা আৰু সম্পাদক ৰোহিনী তামুলীয়ে নেহেৰুবালিত সংবাদমেল সম্বোধন কৰি কাৰ্যসূচী বিৱৰণ কৰা লগতে সকলো ৰাইজৰ উপস্থিতি কামনা কৰে।
/asomiyapratidin/media/post_attachments/919d7fe1-721.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us