নগাঁও কুইজ কাৰ্ণিভেল ২০২৫ শীৰ্ষক এলানি বিশেষ কুইজ প্ৰতিযোগিতাৰ আয়োজন

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সহযোগত শিক্ষানুষ্ঠানখনৰ প্ৰেক্ষাগৃহত আগন্তুক ২৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব এই বিশেষ কুইজ প্ৰতিযোগিতা। পুৱা ১০ বজাৰ পৰা ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগীয়া কুইজ প্ৰতিযোগিতাখনি তিনিটা বিশেষ ইভেণ্টত অনুষ্ঠিত হ'ব। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও কুইজ ফ'ৰামৰ উদ্যোগত 'নগাঁও কুইজ কাৰ্ণিভেল ২০২৫' শীৰ্ষক এলানি বিশেষ কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সহযোগত শিক্ষানুষ্ঠানখনৰ প্ৰেক্ষাগৃহত আগন্তুক ২৫ ডিচেম্বৰত অনুষ্ঠিত হ'ব এই বিশেষ কুইজ প্ৰতিযোগিতা । পুৱা ১০ বজাৰ পৰা ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগীয়া কুইজ প্ৰতিযোগিতাখনি তিনিটা বিশেষ ইভেণ্টত অনুষ্ঠিত হ'ব । 

48a531ae-0101-4766-ae7d-cddeb64a2321

প্ৰথমেই 'পোহৰৰ চিয়াঁহীৰে ৰ'দৰ চিঠি" শীৰ্ষক এক লিখিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । দ্বাদশ শ্ৰেণী পৰ্যন্ত ছাত্ৰী-ছাত্ৰীৰ মাজত সীমাবদ্ধ থাকিবলগীয়া এই কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰিব শাণ্ডিল্য মহন্ত আৰু অনুজ শংকৰ দেৱনাথে । প্ৰতিযোগিতাৰ বিজয়ীসকলক ক্ৰমে ৩,০০০, ২,০০০ আৰু ১,০০০ টকা নগদ ধনৰ উপৰিও ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হ'ব । ইয়াৰ পিছতে অনুষ্ঠিত হ'ব 'এখন নেদেখা নদীৰ সিপাৰে' শীৰ্ষক এক বিশেষ কুইজ প্ৰতিযোগিতা । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত এই কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিব নগাঁও কুইজ ফ'ৰামৰ চন্দ্ৰজিৎ দাস আৰু নয়নজ্যোতি বৰাই । প্ৰতিযোগিতাৰ বিজয়ীসকলক ক্ৰমে ১০,০০০, ৭,০০০ আৰু ৫,০০০ নগদ ধনৰ উপৰিও মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হ'ব ।

48a531ae-0101-4766-ae7d-cddeb64a2321

ইয়াৰোপৰি প্ৰতিযোগিতাখনত চূড়ান্ত ৰাউণ্ডলৈ উন্নীত হোৱা দল কেইটিক প্ৰত্যককে ১,০০০ কৈ নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ'ব । একেদিনাই বিয়লি ২ বজাৰ পৰা 'দ্যা স্পেকট্ৰাম' শীৰ্ষক এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । ভাৰতৰ আগশাৰীৰ জনপ্ৰিয় কুইজ পৰিচালক অভ্ৰ দাসে পৰিচালনা কৰিবলগীয়া এই কুইজ প্ৰতিযোগিতাৰ বিজয়ীদলক ক্ৰমে ১০,০০০, ৭,০০০ আৰু ৫,০০০ কৈ নগদ ধনৰ লগতে মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হ'ব। এই ইভেণ্টৰ চূড়ান্ত ৰাউণ্ডত উপনীত হোৱা দল কেইটিকো প্ৰত্যককে ১,০০০ কৈ নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ'ব । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীসকলক ২৩ ডিচেম্বৰৰ পূৰ্বেই যোগদান নিশ্চিত কৰিবলৈ নগাঁও কুইজ ফ'ৰামে আহ্বান জনাইছে । আগ্ৰহী সকলে সবিশেষ জানিবৰ বাবে ৯৪৩৫১২৮০৮১ অথবা ৯১০১১৯২২১২ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজক গোষ্ঠীয়ে জনাইছে ।

নগাওঁ