/asomiyapratidin/media/media_files/2025/12/13/1-2025-12-13-12-09-58.jpg)
ডিজিটেল ডেস্কঃ সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত খাগৰিজান শিক্ষাখণ্ডৰ ব্যৱস্থাপনাত আৰু বিশেষ প্ৰশিক্ষণ বিভাগৰ সহযোগত নগাঁও জিলা পুথিভঁৰালত বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ মূলসুঁতিকৰণ কৰা ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সংযোগ অনুষ্ঠানটি অনুষ্ঠিত হয়। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। কিন্তু বৰ্তমান সময়ত একাংশ ছাত্ৰ-ছাত্ৰীয়ে আধাতে শিক্ষা সামৰি কৰি অন্য দিশলৈ গতি কৰা দেখা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/4f7aa0e4-93f1-43f1-baaf-8ade2d47327e-2025-12-13-12-08-56.jpeg)
পুনৰ এনেধৰণৰ ছাত্ৰ-ছাত্ৰী সকলক উক্ত ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰখনলৈ ঘুৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে ২০২৪-২৫ বৰ্ষত চিনাক্তকৰণ কৰি ১০০৪ গৰাকী ছাত্ৰ-ছাত্ৰীক বিদ্যালয়মুখী কৰা হৈছে। আৰু মূলসুঁতিকৰণ কৰা হৈছে ৮৬৪ গৰাকীক।এই পদক্ষেপৰ জৰিয়তে বিদ্যালয়ৰ আওতাৰ বাহিৰত থকা ছাত্ৰ -ছাত্ৰী সকলক বিদ্যালয়মুখী কৰাত যথেষ্ট সহায় হ'ব। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ -ছাত্ৰী সকলৰ সৈতে মত-বিনিময় কৰি নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে, এইসকল ছাত্ৰ-ছাত্ৰীৰ পিতৃ মাতৃৰ তেওঁ লোকৰ সন্তানক প্ৰকৃত মানৱ সম্পদৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব । এই বিশেষ প্ৰশিক্ষণৰ জৰিয়তে মূলসুঁতিকৰণ ছাত্ৰ-ছাত্ৰীৰ মাজত যি শৈক্ষিক সংযোগ আৰম্ভ কৰা হৈছে সেই প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকল বহু পৰিমাণে উপকৃত হব পাৰিব বুলিও ভাষণত আশা প্ৰকাশ কৰে শৰ্মাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/5a6899a6-7524-445d-ab75-3a71aca1d9f9-2025-12-13-12-09-23.jpeg)
এই শৈক্ষিক সংযোগৰ অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন শিক্ষণ সজুঁলি প্ৰদান কৰা হয়। নগাঁও জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটো আঁত ধৰে শিক্ষয়িত্ৰী মণিমালা তামূলীয়ে। জিলা অতিৰিক্ত আয়ুক্ত জিতু কুমাৰ বৰ্মন, বিদ্যালয়ৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us