/asomiyapratidin/media/media_files/2025/12/05/1-2025-12-05-13-53-10.jpg)
ডিজিটেল সংবাদ, নগাওঁঃ নগাঁৱত সৰ্বভাৰতীয় হাফ মাৰাথন প্ৰতিযোগীতাৰ আয়োজন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত হ'ব এই হাফ মাৰাথন প্ৰতিযোগীতা। ৭ ডিচেম্বৰৰ দেওবাৰে অনুষ্ঠিত হ'ব এই বিশেষ মাৰাথন। ইপিনে প্ৰৱাহ গোষ্ঠীৰ উদ্যোগত বিশাল আৰু বৰ্ণাঢ্য আয়োজন কৰিব ।
/asomiyapratidin/media/post_attachments/9555e089-d0d.png)
উল্লেখ্য় যে, উত্তৰ প্ৰদেশ, কৰ্ণাটক, মণিপূৰ, ত্ৰিপূৰা, অৰুণাচল আদিকে ধৰি বিভিন্ন ৰাজ্যৰ তিনিশৰো অধিক প্ৰতিযোগীয়ে অংশ ল'ব এই হাফ মাৰাথনত। ইপিনে মাৰাথনত বিজয়ীলৈ আগবঢ়োৱা হ'ব নগদ আঢ়ৈ লাখ টকাৰ ধন, ট্ৰফী আৰু মেডেল।
/asomiyapratidin/media/post_attachments/69524ae9-cab.png)
তাৰোপৰি সংবাদমেলযোগে এই কথা ঘোষণা কৰে প্ৰধান উদ্যোক্তা তথা প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰে। গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াসক সকলোৱে শলাগ লৈছে। ইপিনে মেডেলত থাকিব গুৰুজনাৰ সৃষ্ট 'গুৰু আসন'ৰ প্ৰতীক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us