/asomiyapratidin/media/media_files/2026/02/21/1-2026-02-21-23-36-44.jpg)
ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁৱৰ বেবেজীয়াত তিৱা স্বায়ত্ত পৰিষদৰ পুঁজিৰে তিৱা সম্প্ৰদায়ৰ শৌৰ্য্য বীৰ্য্য বীৰ জোঙাল বলহুৰ প্ৰতিমূৰ্তি স্থাপনকে ধৰি আজি একাধিক পথৰ শিলান্যাস স্থাপন কৰে। তিৱা স্বায়ত্ত পৰিষদৰ ২০২৫-২৬ বৰ্ষৰ বিত্তীয় পুঁজিৰে আধাৰশিলা স্থাপন হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে কয় যে- পূৰ্বৰ ৰহা সমষ্টি আৰু বৰ্তমান ৰহা সমষ্টিৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা গৈছে। এসময়ত অনগ্ৰসৰ হৈ থকা ৰহা সমষ্টিৰ দলং ঘাট পথ আদিৰ পূৰ্বৰ তুলনাত বহুখিনি উত্তৰণ ঘটিছে। এসময়ত যাতায়তৰ ক্ষেত্ৰত পিছপৰি থকা সমষ্টিটোৰ আজি সকলো দিশতে উন্নয়ন সাধন হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/21/whatsapp-imag-pm-2026-02-21-23-34-56.jpeg)
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত ৰহা সমষ্টি উন্নয়ন দিশত আগবাঢ়ি গৈছে। ৰাস্তা ঘাটৰ সমান্তৰালকৈ আজি সকলো দিশতে বহুখিনি উন্নয়ন হৈছে। বেবেজীয়া গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপতে তিৱা সকলৰ শৌৰ্য্য বীৰ্য্যৰ প্ৰতীক জোঙাল বলহুৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন, খাটগুৰি বেবেজীয়া কৃষ্টি বিকাশ কেন্দ্ৰ, পূৱ জামুগুৰি হাতীচোং চুবুৰীৰ পৰা জামুগুৰি সংযোগী পথৰ আধাৰশিলা,বালিসৰা গাঁৱৰ ৰঙ্গমঞ্চ নিৰ্মাণৰ আধাৰশিলা,বালিসৰা বৰনামঘৰৰ মনিকূট নিৰ্মাণৰ আধাৰশিলা, বৰক'লাৰ ৰংগমঞ্চৰ ৰভাঘৰ নিৰ্মাণৰ আধাৰশিলা, পশ্চিম শালমৰা নামঘৰৰ আধাৰশিলা স্থাপনকে ধৰি বহুকেইটা ৰাজহুৱা অনুষ্ঠানৰ আধাৰশিলাকে ধৰি বহুকেইটা পথৰ আধাৰশিলা স্থাপন কৰে ।
উক্ত অনুষ্ঠানত তিৱা স্বায়ত্ত পৰিষদৰ সদস্য বিশ্বজোতি পাতৰ, বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ সভানেত্ৰী সুৰুয মনি বৰা, পাখিমৰীয়া উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী সংগীতা ভূয়া , তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ বিদুৎ বৰদলৈ, বেবেজীয়া পঞ্চায়তৰ কাউন্সিলৰ তপন বৰদলৈ, পঞ্চায়তৰ সদস্য সদস্যা সকলকে ধৰি বহু লোক উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/21/whatsapp-imag-2026-02-21-23-35-22.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us