কেঁচুসাৰ উৎপাদনেৰে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাৱধানত ৰাইডঙীয়াৰ নাহৰহটীয়া গাঁৱৰ ৰাইজে ঘৰতে থকা গোবৰ,পচন সাৰ আৰু আন আৱৰ্জনা ব্যৱহাৰ কৰি কেঁচুসাৰ প্ৰস্তুত কৰি স্বাৱলম্বীতাৰ পথ মুকলি কৰিছে।

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ  কেঁচু সাৰ হ'ল কেঁচুৰ দ্বাৰা জৈৱিক পদাৰ্থৰ পচন ঘটাই তৈয়াৰ কৰা এবিধ অত্যন্ত পুষ্টিকৰ, পৰিবেশ অনুকূল জৈৱ সাৰ। ই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, পানী ধৰি ৰখা ক্ষমতা বঢ়ায় আৰু শস্যক প্ৰয়োজনীয় উপাদান যোগান ধৰে। এই কেঁচু সাৰ উৎপাদন, জৈৱিক কৃষি, পুষ্টি, পৰিবেশ অনুকুল আৰু কৃষকৰ আয় বৃদ্ধি আদি উদ্দেশ্যৰে এখন গাঁৱৰ প্ৰতিঘৰ গৃহস্থই আৰম্ভ কৰিছে কেঁচুসাৰ প্ৰস্তুতকৰণৰ উদ্যোগ। 

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাৱধানত ৰাইডঙীয়াৰ নাহৰহটীয়া গাঁৱৰ ৰাইজে ঘৰতে থকা গোবৰ,পচন সাৰ আৰু আন আৱৰ্জনা ব্যৱহাৰ কৰি কেঁচুসাৰ প্ৰস্তুত কৰি স্বাৱলম্বীতাৰ পথ গঢ়িছে। ৰাইডঙীয়াৰ উদ্যমী যুৱক প্ৰভাত চন্দ্ৰ দাস আৰু তেওঁৰ ভাৰ্য্যা গীতাঞ্জলি দাসৰ অপ্ৰাণ চেষ্টাৰ ফলত গাঁওখনত গঢ় লৈ উঠা এই প্ৰকল্পক, অসম কৃষি বিশ্ববিদ্যালয়ে কেঁচুসাৰ প্ৰস্তুত গাঁও হিচাপে স্বীকৃতি দিছে। 

অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ মনোৰঞ্জন নেওগে মাংগলিক কাৰ্যসূচীৰ মাজেৰে এই ৰাইডঙীয়া কেঁচুসাৰ উৎপাদন গাঁও প্ৰকল্প উন্মোচন কৰে।  অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী ড০ ভবেশ চন্দ্ৰ ডেকা, ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথৰ লগতে প্ৰগতিশীল কৃষকসকল উপস্থিত থাকে।

নগাওঁ কেঁচুসাৰ