নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ

মধ্য অসমৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত মঙলবাৰৰ পৰা অহা ৭ ফেব্ৰুৱাৰীলৈ মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহখনি উলহ-মালহেৰে আৰম্ভ হৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-03 at 7.23.54 PM

ডিজিটেল সংবাদ,বেবেজীয়াঃ মধ্য অসমৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত মঙলবাৰৰ পৰা অহা ৭ ফেব্ৰুৱাৰীলৈ মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহখনি উলহ-মালহেৰে আৰম্ভ হৈছে। এই উপলক্ষে মঙলবাৰে পুৱা ১০ বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়াই মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে এই ৫দিনীয়া কাৰ্যসূচীৰ।

WhatsApp Image 2026-02-03 at 5.06.20 PM

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এটি গীতৰ কলিৰে আৰম্ভ কৰা ভাষণত ড° শইকীয়া দেৱে ছাত্ৰ-ছাত্ৰী সকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত খেল-ধূলা আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ প্রয়োজনীয়তাৰ বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰে। লগতে এনেধৰণৰ বাৰ্ষিক সপ্তাহ সমাৰোহে ছাত্ৰ-ছাত্ৰীসকলক যি মঞ্চ প্ৰদান কৰে যাৰ জৰিয়তে তেওঁলোকে নিজস্ব প্ৰতিভা প্ৰকাশ কৰাৰ যি সুবিধা লাভ, তাৰ গুৰুত্বৰ বিষয়েও ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰে আৰু অনাগত দিনত ক্ৰীড়া আৰু সাংস্কৃতিক পথাৰখনত তেওঁলোক যাতে উজ্বলি উঠে তাৰ কামনা কৰে।

ক্ৰীড়া বিভাগৰ শিক্ষক তত্ত্বাৱধায়ক তথা অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ভূপেশ টুমুং দেৱে আঁত ধৰা উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষাকে প্ৰমুখ্য কৰি অধ্যাপক-অধ্যাপিকা, কাৰ্যালয়ৰ কৰ্মচাৰী সকল আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে। ইয়াৰ পাছতেই মহাবিদ্যালয়ৰ অধ্যাপিকা একাদশ আৰু ছাত্ৰী একাদশ, অধ্যাপক একাদশ আৰু ছাত্ৰ একাদশৰ মাজত এক আকৰ্ষণীয় ৰচী টনা খেল অনুষ্ঠিত হয়। 

WhatsApp Image 2026-02-03 at 5.06.20 PM (1)

মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়াৰ সক্ৰিয় সহযোগিতাত আয়োজন কৰা উক্ত ৰচী টনা দুয়োখন খেলতেই ছাত্ৰী আৰু ছাত্ৰ সকল বিজয়ী হয়। আজিৰ দিনটোত অনুষ্ঠিত হোৱা অন্যান্য খেল সমূহ হৈছে ছাত্ৰ-ছাত্ৰীৰ লং জাম্প, হাই জাম্প, কেৰম, বেডমিন্টন প্ৰতিযোগিতা আদি। কাৰ্যসূচী অনুসৰি বুধবাৰে মহাবিদ্যালয় প্ৰাংগনৰ পৰা এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব আৰু অহা ৭ ফেব্ৰুৱাৰীত বঁটা বিতৰণী অনুষ্ঠানৰ জৰিয়তে এই সমাৰোহৰ সামৰণি পৰিব বুলি অধ্যক্ষ ড০  মৃগাংক শইকীয়াই জানিবলৈ দিয়ে।

নগাওঁ