/asomiyapratidin/media/media_files/2026/01/30/dnt-delete-copy-2026-01-30-19-21-33.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত আৰু অৰ্থনীতি বিভাগৰ সহযোগত আজি বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা সভাকক্ষত এক মনোজ্ঞ মত বিনিময় অনুষ্ঠান আয়োজন কৰে। নগাঁও বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড° টিকেন দাসে আঁত ধৰা অনুষ্ঠানটোত অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড ইউনিভাৰ্ছিটি অৱ টেকন’লজিৰ অধ্যাপক জয়ন্ত চৰকাৰ মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে। অধ্যাপক চৰকাৰে “স্বাস্থ্য অৰ্থনীতি'' এক আচৰণগত দৃষ্টিভংগী আৰু বিদেশত গৱেষণাৰ সুযোগ” শীৰ্ষক বিষয়ত এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে। তেওঁ বক্তৃতাত স্বাস্থ্য অৰ্থনীতিৰ ক্ষেত্ৰত উদীয়মান আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰৱণতাৰ এক বিস্তৃত পৰ্যালোচনা আগবঢ়োৱাৰ লগতে বিদেশত উচ্চ শিক্ষা আৰু গৱেষণাৰ বিভিন্ন সুযোগসমূহৰ বিষয়ৰ ওপৰত আলোকপাত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/whatsapp-2026-01-30-19-18-49.jpeg)
বিশেষকৈ ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী আৰু নবীন গৱেষকসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শৈক্ষিক আৰু গৱেষণাৰ পথ অনুসৰণ কৰিবলৈ উৎসাহিত কৰে।নগাঁও বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপ-পঞ্জীয়ক ড° নব প্ৰসাদ নাথে সকলোকে সম্বোধন কৰি উচ্চ শিক্ষাত আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতাৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে। নগাঁও বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সঞ্চালক ড° ভুবন চন্দ্ৰ চুতীয়াই নগাঁও বিশ্ববিদ্যালয়ৰ ৰূপৰেখা সম্পৰ্কে অৱগত কৰে।এদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানটোত নগাঁও বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা, গৱেষক-গৱেষিকা আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। দুই শতাধিক ছাত্ৰ-ছাত্ৰী অনুষ্ঠানটোত উপস্থিত থাকি অধ্যাপক চৰকাৰৰ সৈতে মত-বিনিময় কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us