নগাঁৱত ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ ৰাইজ

নগাঁৱৰ বঢ়মপুৰত ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ স্থানীয় ৰাইজ। দীৰ্ঘদিনে ডাম্পাৰ চলাচলৰ ফলত জীয়াতু ভুগি আহিছে অঞ্চলটোৰ ৰাইজে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-28 at 2.46.00 PM

ডিজিটেল ডেস্কঃ পুৱাৰ পৰা নিশালৈ এটা পথত চলে শ শ ডাম্পাৰ।নগাঁৱৰ বঢ়মপুৰত ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ স্থানীয় ৰাইজ। দীৰ্ঘদিনে ডাম্পাৰ চলাচলৰ ফলত জীয়াতু ভুগি আহিছে অঞ্চলটোৰ ৰাইজে। ইমানৰ পাছতো চকু মুদা কুলিৰ ভাৱত নগাঁৱৰ বন বিভাগ।

উল্লেখ্য যে, বঢ়মপুৰ হাতিয়নীভেটাত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাইজে বন্ধ কৰি দিলে ডাম্পাৰৰ চলাচল। তীব্ৰ বেগী এখন ডাম্পাৰে এজন বাইক আৰোহীক পিছ ফালৰ পৰা খুন্দা মাৰি পলায়ন কৰে। ইপিনে ডাম্পাৰ খন ৰাইজে খেদি খেদি প্ৰায় দুই কিলোমিটাৰ আঁতৰত আবদ্ধ কৰে। বঢ়মপুৰত দৈনিক একাংশ ডাম্পাৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।

আনহাতে দুৰ্ঘটনাত গুৰুত্বভাৱে আহত বাইক আৰোহী জনক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ডাম্পাৰ খনৰ নম্বৰ AS 02B C2545 বুলি জানিব পৰা গৈছে। এই ডাম্পাৰসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ প্ৰশাসনক দাবী  উত্থাপন কৰিছে স্থানীয় ৰাইজে।

নগাওঁ