/asomiyapratidin/media/media_files/2026/01/19/1-2026-01-19-14-08-22.jpg)
ডিজিটেল ডেস্কঃ নগাঁও চহৰৰ সমীপৰ পলাশনী বামুণ গাঁৱৰ নিবাসী জ্যেষ্ঠ বায়ন মহেশ্বৰ বৰাৰ যোৱা ১৩ জানুৱাৰীত দেহাৱসান ঘটে। বাৰ্ধক্যজনিত কাৰণত বহু দিন অসুস্থ হৈ থকা বৰাই মৃত্যুক আঁকোৱালি লয়। তেখেতৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।
/asomiyapratidin/media/post_attachments/10cdda79-b53.png)
সমগ্ৰ কৰৈয়ণি অঞ্চলটোত এজন প্ৰসিদ্ধ বায়ন হিচাপে খ্যাতি আছিল মহেশ্বৰ বৰা। তেওঁ কনিষ্ঠ পুত্ৰৰ সৈতে বহুজনক গুৰু জনাৰ দেৱ বাদ্য খোল প্ৰশিক্ষণ প্ৰদান কৰি অসমীয়া কৃষ্টি সংস্কৃতি ধৰি ৰখাত অৰিহণা যোগাইছিল। সৰল মনৰ মহেশ্বৰ বৰাই জীনৰ অধিক সময় বৰগঞা সমাজৰ ভিন্ন অনুষ্ঠানত খোল বাদন কৰি ৰাইজৰ প্ৰসংশা বুটলিবলৈ সক্ষম হৈছিল।
পূণ্য আত্মাৰ বৰাৰ আদ্য শ্ৰাদ্ধৰ পাছৰ দিনা চন্দ্ৰ শইকীয়াৰ পৰিচালনাত হৰিচন্দ্ৰ উপাখ্যান প্ৰদৰ্শন কৰে। সময়ৰ গতিত হেৰাই যোৱা পালা ভাওনাত বামুণ গাঁৱৰ কেইবাশতাধিক লোক উপস্থিত হৈ বিশিষ্ট বায়ন মহেশ্বৰ বৰাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us