ভোগালী বিহুৰ বতৰত নগাঁৱৰ ব্যৱসায়ী সকললৈ কঠোৰ নিৰ্দেশনা জিলা আয়ুক্তৰ

কোনো ব্যৱসায়ীয়ে যদি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া দৰতকৈ অধিক মূল্যত সামগ্ৰী বিক্ৰী কৰে তেন্তে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশ প্ৰদান কৰে জিলা আয়ুক্ত গৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সমাগত হেপাঁহৰ ভোগালী বিহু। ভোগালী বিহুৰ বতৰত নগাঁৱৰ ব্যৱসায়ী সকললৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। উৰুকাৰ দিনটোত আনন্দৰ মাজতে একাংশ অসাধু ব্যৱসায়ীয়ে যাতে মাছ, মাংস বা অন্যান্য খাদ্য সামগ্ৰীৰ কৃত্ৰিম নাটনি কৰি অত্যধিক মূল্য বৃদ্ধি কৰিব নোৱাৰে, তাৰ বাবে জিলা প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ইপিনে কোনো ব্যৱসায়ীয়ে যাতে বস্তুৰ দাম বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুত কৰিছে সামগ্ৰীৰ সঠিক মূল্যৰ তালিকা।  

উল্লেখযোগ্য় যে,মাছ, মাংস,কণী আৰু শাক-পাচলি সকলো সামগ্ৰীৰ বজাৰ মূল্য নিৰ্ধাৰণ কৰি সকিয়নী প্ৰদান জিলা আয়ুক্তগৰাকীৰ। কোনো ব্যৱসায়ীয়ে যদি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া দৰতকৈ অধিক মূল্যত সামগ্ৰী বিক্ৰী কৰে তেন্তে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি নিৰ্দেশ প্ৰদান কৰে জিলা আয়ুক্ত গৰাকীয়ে।বিশেষকৈ উৰুকাৰ নিশাৰ বাবে মাছৰ চাহিদা বৃদ্ধি পায়, সেয়েহে মীন বিভাগৰ সহযোগত মাছৰ দৰ যাতে স্থিৰ থাকে তাৰ বাবে নিৰ্দেশনা জাৰী কৰা হৈছে।

WhatsApp Image 2026-01-11 at 3.50.34 PM

নগাওঁ