/asomiyapratidin/media/media_files/2026/01/04/1-2026-01-04-15-34-57.jpg)
ডিজিটেল ডেস্কঃ সমাজৰ চতুৰ্থ স্তম্ভ স্বৰূপ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলৰ ত্যাগ আৰু নিষ্ঠাক সন্মান জনাই নগাঁৱত এক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান সম্পন্ন হয়। ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই নগাঁৱৰ কেইবাগৰাকীও জ্যেষ্ঠ তথা উদীয়মান সাংবাদিকক তেওঁলোকৰ নিৰপেক্ষ আৰু সাহসী সাংবাদিকতাৰ বাবে বিশেষভাৱে সন্মানিত কৰে।
/asomiyapratidin/media/post_attachments/8bd4043e-ee8.png)
উল্লেখ্য যে, নগাঁৱৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈ যায় এই সাংবাদিক সম্বৰ্দ্ধনা অনুষ্ঠান ৷ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ উদ্যোগত ৰূপায়িত এই কাৰ্যসূচীত নগাঁৱৰ সদৰস্থ সাংবাদিক সকলৰ লগতে ৰূপহী,চামগুৰি,জুৰীয়াৰ সাংবাদিক সকলক নৱ বৰ্ষ উপলক্ষে সম্বৰ্দ্ধনা জ্ঞাপন কৰে বিধায়ক নুৰুল হুদাই৷ এই অনুষ্ঠানৰ জৰিয়তে আগন্তুক দিনত সমষ্টি উন্নয়নৰ ক্ষেত্ৰত সংবাদ কৰ্মী সকলৰ গঠন মূলক দিহা পৰামৰ্শ কামনা কৰে বিধায়কগৰাকীয়ে৷ উক্ত অনুষ্ঠানত অঞ্চলটোৰ কেইবাজনো গণ্য-মান্য ব্যক্তিৰ লগতে দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/29071f92-f33.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us